কবীৰ প্ৰকট দিৱস ২০২২ [Assamese] : তিথি,  উৎসৱ, ঘটনা, ইতিহাস

spot_img

পৃথিৱীত পৰমাত্মা কবীৰ চাহাব প্ৰকট হোৱা সময়ত ‘কবীৰ প্ৰকট দিৱস’ উদযাপন কৰা হয়। ভগৱান কবীৰ চাহাব ভাৰতত উত্তৰ প্ৰদেশৰ কাশীত লহৰতাৰা পুখুৰীত এটা পদুম ফুলৰ ওপৰত অৱতীৰ্ণ হৈছিল। নীৰু-নীমাই তেওঁক তাৰ পৰা তুলি ঘৰত লৈ গৈছিল, তেওঁলোক তেওঁৰ পালক পিতা-মাতা বুলি খ্যাত হল। লোকবেদৰ বাবেই কবীৰ পৰমেশ্বৰক সম্পূৰ্ণ পৃথিৱীয়ে এজন তাঁতী, কবি, বা সন্ত বুলি মানে। পৱিত্ৰ চাৰি বেদেও কবীৰ পৰমেশ্বৰৰ মহিমা গায়। পৱিত্ৰ ঋগবেদ মণ্ডল ৯ সুক্ত ৯৪ , মন্ত্ৰ ১ আৰু মণ্ডল ৯ সুক্ত ৯৬ মন্ত্ৰ ১৭ ৰ পৰা ২০ত লিখা আছে যে সেই পৰমেশ্বৰ এই পৃথিৱীত সোঁশৰীৰে আহে আৰু নিজৰ জ্ঞান দোহা আৰু লোক উক্তিৰ মাধ্যমেৰে সম্পূৰ্ণ পৃথিৱীক বৰ্ণনা কৰে। কবীৰদেৱ এই পৃথিৱীত ৬০০ বছৰ আগতে অৱতীৰ্ণ হৈছিল । কবীৰ পৰমেশ্বৰ দেৱৰ বাস্তৱ জীৱনৰ কাহিনী আৰু লীলা জানি লওক।

HindiEnglishবাংলাಕನ್ನಡमराठीગુજરાતી

Table of Contents

কবীৰ প্ৰকট দিৱস কিয় পালন কৰা হয় ?

কবীৰ প্ৰকট দিৱস ৬০০ বছৰ আগতে কাশীত লহৰতাৰা পুখুৰীত কবীৰ পৰমেশ্বৰ অৱতীৰ্ণ হোৱা উপলক্ষে পালন কৰা হয়। কবীৰ পৰমেশ্বৰ আমি সকলো জীৱ আত্মাৰ জনক আৰু সত্যলোক লগতে সম্পূৰ্ণ সৃষ্টিৰ ৰচয়িতা হয়। তেওঁ এই পৃথিৱী (মৃত্যু লোক)ত সকলো জীৱ আত্মাক তত্ত্বজ্ঞান বুজাবলৈ ও মোক্ষ মাৰ্গ দেখুৱাবলৈ আৰু সত্য ভক্তিৰ পথ বৰ্ণনা কৰিবলৈ আহিছিল যাৰ দ্বাৰা আমি সকলো আত্মাই সত্যলোক প্ৰাপ্তি কৰিব পাৰোঁ।

কবীৰ পৰমেশ্বৰ দেৱে এজন তাঁতীৰ ৰূপত জীৱন কটালে। ভগৱান বিচৰা সকলৰ বাবে ধন সম্পত্তি ও উচ্চ জাতিৰ প্ৰয়োজন নাই বুলি আমাক দেখুৱাবলৈ তেওঁ তেনেদৰে আছিল। কবীৰ পৰমেশ্বৰৰ জন্মও নহয় আৰু মৃত্যুও নহয় । কবীৰ পৰমেশ্বৰ দেৱৰ ১২০ বছৰৰ লীলাত তেখেতে অনেক চমৎকাৰ কৰিলে আৰু দেখুৱালে যে তেওঁ পূৰ্ণ পৰমাত্মা হয়।

ভগৱান কবীৰ চাহাবৰ কাশীত বসবাস : সংক্ষিপ্ত জীৱনী

১৩৯৮ চন (বিক্ৰমাব্দ ১৪৫৫)ত জেঠ মাহৰ শুক্লা পূৰ্ণিমাত ব্ৰহ্ম মুহুৰ্তৰ সময়ত  (সূৰ্যোদয়ৰ ডেৰ ঘন্টা আগত ) লহৰতাৰা পুখুৰীত এটা পদুম ফুলৰ ওপৰত এটা সদ্যোজাত শিশুৰ ৰূপত প্ৰকট হল। সেইদিনাও  সদায়ৰ দৰে   অষ্টানন্দ ঋষিয়ে স্নান কৰি নিজৰ সাধনা কৰি আছিল। তেওঁ আকাশৰ পৰা এটা গোলা আহি থকা দেখিলে যাৰ ফলত তেওঁৰ চকুত পোহৰে চাট মাৰি ধৰিলে । চকু বন্ধ কৰাত তেওঁ এটা শিশুৰ ৰূপ দেখিলে, তেওঁ আকৌ চকু মেলি চোৱা মানে সেই প্ৰকাশ লহৰতাৰা পুখুৰীৰ এটা চুকত কুঞ্চিত (সীমিত) হল।

অষ্টানন্দ ঋষি নিজৰ গুৰুদেৱ স্বামী ৰামানন্দদেৱৰ ওচৰত গল আৰু সুধিলে যে সেইটো তেওঁৰ ভক্তিৰ উপলব্ধি নে তেওঁৰ ভ্ৰম  হয়। স্বামী ৰামানন্দ দেৱে কলে যে সেইটো তেওঁৰ ভক্তিৰ উপলব্ধিও নহয় আৰু ভ্ৰমো নহয় । ওপৰৰ লোকৰ পৰা কোনো অৱতাৰ বা সিদ্ধ পুৰুষ পৃথিৱীত আহিলে এনে গতিবিধি কৰে আৰু তেওঁ মাতৃ গৰ্ভত আহি শৰণ লয়। স্বামী ৰামানন্দদেৱৰ সিমান জ্ঞান নাছিল যে সেই পৰমেশ্বৰে কেতিয়াও জন্ম নলয়।

ভগৱান কবীৰ দেৱ নীৰু আৰু নীমাক শিশু ৰূপত মিলিল

নিঃসন্তান দম্পত্তি নীৰু আৰু নীমা সদায় ব্ৰহ্ম মুহূৰ্তত গা ধুবলৈ লহৰতাৰা পুখুৰীত গৈছিল। নীৰু আৰু নীমা সেই জনমত হিন্দু -ব্ৰাহ্মণ গৌৰীশংকৰ আৰু সৰস্বতী আছিল। তেওঁলোকক জোৰ-জবৰদবস্তী মুছলমান কৰা হৈছিল। সেইবাবে তেওঁলোকে কাপোৰ বোৱা (তাঁতীৰ কাম) আৰম্ভ কৰি দিছিল।

সেইদিনা গা ধুবলৈ যাওঁতে নীমা ৰাস্তাত কান্দি কান্দি গৈছিল আৰু নিজৰ ভগৱান শিৱক প্ৰাৰ্থনা কৰি  আছিল যে তেওঁলোকৰো এটি সন্তান হলে জীৱন সফল হল হেঁতেন। নীৰু আৰু নীমাক মুছলমান সজালেও তেওঁলোকৰ শ্ৰদ্ধা কিন্তু বছৰ বছৰ ধৰি পূজা কৰা  ভগৱান শঙ্কৰৰ প্ৰতিহে আছিল। নীৰুয়ে নীমাক সান্তনা দি আছিল , “নীমা, আমাৰ ভাগ্যত কোনো সন্তান থকা হলে ভগৱান শিৱই আমাক নিশ্চয় দিলেহেঁতেন। এতিয়া আৰু আমাৰ ভাগ্যত কোনো সন্তান নাই। তুমি এনেদৰে কান্দি থাকি নিজৰ চকু বেয়া নকৰিবা। বৃদ্ধ অৱস্থাত আমাৰ চোৱাচিতা কৰিবলৈ আমাৰ লগত কোনো নাই। তুমি নাকান্দিবা।”

এনেকৈ কথা পাতি তেওঁলোক লহৰতাৰা পুখুৰী গৈ পালে। প্ৰথমে নীমাই গা ধুলে। তেওঁ পুনৰ তিয়নী ধুবলৈ পানীত নামিল। তেতিয়া নীৰু গা ধুই আছিল, নীমাই কিবা লৰচৰ কৰা দেখিলে। শিশু ৰূপত দৈৱিক কাৰ্য কৰি থকা কবীৰ দেৱৰ মুখত এটা ভৰিৰ বুঢ়া আঙুলি আছিল আৰু আনটো ভৰি শূন্যত হলি আছিল। তেওঁৰ ভয় হল জানোচা সেইটো সাপ হয় আৰু তেওঁৰ পতিক খুঁটিবও পাৰে। ধ্যান দি চাওঁতে দেখিলে যে পদুম ফুলৰ ওপৰত এটি শিশু আছে। তেওঁ চিঞৰিলে,” চোৱাহি ! শিশুটো ডুবিব, শিশুটো ডুবিব।”

নীৰুয়ে ভাবিলে যে নীমা পাগল হল, এতিয়া এওঁ পানীতো কেঁচুৱা দেখা হল। নীৰুয়ে কলে,”নীমা, মই তোমাক কৈ আছোঁ যে তুমি সন্তানৰ বাবে বেছিকৈ নাভাবিবা। এতিয়া তুমি পানীতো কেঁচুৱা দেখিব ধৰিলা। নীমাই কলে, “হয়, সঁচাকৈয়ে, সৌৱা, চোৱাহি, শিশুটো ডুবিব”। তেওঁৰ মাতত দৃঢ়তা দেখি নীৰুয়ে সেইফালে চালে আৰু তাত সঁচাকৈ এটা কেঁচুৱা দেখিলে। নীৰুয়ে কেঁচুৱাৰ ৰূপত থকা ভগৱান কবীৰ দেৱক পদুম ফুলৰ সৈতে তুলি নীমাক দিলে আৰু নিজে গা ধুবলৈ পানীত নামিল।

নীৰুয়ে চিন্তা কৰিলে, ( কাৰণ মানুহ সমাজৰ বাবে বেছি চিন্তিত হয় ) “যদি কেঁচুৱাটিক ঘৰলৈ লৈ যাওঁ, মানুহে ক’ৰপৰা আনিছে বুলি সুধিব। আমি যদি পদুম ফুলৰ ওপৰত পোৱা বুলি কওঁ , কোনেও বিশ্বাস নকৰিব। তেওঁলোকে কব যে আমি কাৰোবাৰ কেঁচুৱা চুৰি কৰি আনিছোঁ, তাৰ মা কান্দি আছে চাগৈ। তেওঁলোকে ৰজাত কথা লগাব আৰু আমাক শাস্তি দিয়াব। আমাৰ প্ৰতি হিন্দুৰ সমৰ্থন নাই আৰু এতিয়ালৈকে মুছলমানৰ লগতো কোনো সম্বন্ধ স্থাপন কৰা নাই”। নীৰু গা ধুই আহিল। তেওঁ দেখিলে যে এজনী মাতৃৰ দৰে শিশু ৰূপী ভগৱান কবীৰ দেৱক নীমাই চুমা খাই আছে, কেতিয়াবা শিশুটিক আঁকোৱালি লৈছিল । নীমাই  নিজৰ শিৱ ভগৱানক লাখ লাখ ধন্যবাদ দি আছিল যে তেওঁ তেওঁৰ ইচ্ছা পূৰণ কৰিলে।

কবীৰ পৰমেশ্বৰ- যাৰ নাম জপ কৰিলে আমাৰ আত্মাত এক বিশেষ আলোড়ন হয়, যাক পাবলৈ  ঋষি-মুনি আৰু মহৰ্ষি সকলে হাজাৰ হাজাৰ বছৰলৈকে তপস্যা কৰি নিজৰ শৰীৰ ক্ষয় কৰিলে,  সেই ভগৱানক বালক ৰূপত নীমাই  কোলাত লৈ আছিল। তেওঁ কেনে সুখৰ অনুভৱ কৰি আছিল তাৰ বৰ্ণনা কৰিব নোৱাৰি।

নীৰুয়ে নীমাক কলে, “নীমা, তুমি কেঁচুৱাটি ইয়াতে থৈ দিয়া, এয়াই আমাৰ বাবে ভাল হব। নীমাই নীৰুক কলে, “নাজানোঁ, শিশুটিয়ে মোৰ ওপৰত কি যাদু কৰিলে, মই তাক এৰিব নোৱাৰোঁ ; মই মৰিব পাৰোঁ।”  নীৰুয়ে তেওঁক নিজৰ মনৰ কথা কলে যে তেওঁলোকক গাঁৱৰ পৰা উলিয়াই দিব আৰু কেঁচুৱাটো কাঢ়ি লৈ যাব। নীমাই কলে, “মই এই শিশুৰ বাবে বনবাসো স্বীকাৰ কৰিম।”

নীৰুয়ে কলে, “নীমা, তুমি বহুত অবুজ হৈ পৰিছা। তুমি মোৰ কথাও শুনা নাই। মই তোমাৰ লগত সদায় মৰমসনা ব্যৱহাৰ কৰিছোঁ , কাৰণ আমাৰ কোনো সন্তান নাই। মই তোমাক কেতিয়াও গালি পাৰা নাই জানোচা তোমাৰ আত্মা দুখী হয় ; এইটো ভাবি মই সদায় তোমাৰ প্ৰতিটো ইচ্ছা পূৰাবলৈ চেষ্টা কৰিলোঁ। সেইকাৰণে তুমি এতিয়া জিদ কৰি আছা, আৰু মোৰ কথা মানি লোৱা নাই।”

নীৰু- নীমাই পৰমেশ্বৰ কবীৰদেৱক পালে

সেইদিনা নীৰুয়ে জীৱনত প্ৰথম বাৰ নীমাক চৰ মাৰিবলৈ হাত দাঙিলে। তেওঁৰ চকু চকুলোৰে উপচি পৰিল। তেওঁ মৰম আৰু খঙেৰে কলে, “তুমি মোৰ কথা কিয় নুশুনা। এই শিশুটি ইয়াতে এৰি দিয়া। অন্যথাই এতিয়া মই তোমাক চৰ মাৰিম।” তেতিয়া শিশু ৰূপী পৰমাত্মা কবিৰদেৱে কলে, “নীৰু, মোক ঘৰত লৈ যোৱা। কোনেও একো নকয়। মই ইয়াত তোমাৰ বাবেই আহিছোঁ।” এদিনৰ কেঁচুৱাই কথা  কোৱা শুনি নীৰুয়ে ভয় খালে। একো নোকোৱাকৈ নীৰু আগে আগে যাব ধৰিলে। কেঁচুৱাটিৰ প্ৰতি মোহাচ্ছন্ন হোৱাত নীমাই কবীৰ চাহাবৰ কথা নুশুনিলে।

ঘৰ গৈ পোৱাত গাঁৱৰ মানুহে কেঁচুৱাটি কত পালে বুলি সুধিলে। নীৰুয়ে কলে যে তেওঁলোকে শিশুটিক পদুম ফুলৰ ওপৰত পালে। মানুহে কথাষাৰ শুনিলে , কিছুমানে বিশ্বাস কৰিলে আৰু কিছুমানে বিশ্বাস নকৰিলে । এই কথাত তেওঁলোকে সিমান গুৰুত্ব নিদিলে। গাঁৱৰ মানুহ সেই অত্যন্ত সুন্দৰ শিশুটিক চাবলৈ উপস্থিত হল।

শিশুৰ ৰূপত ভগৱান কবীৰ দেৱৰ সৌন্দৰ্য্য দেখি সম্পূৰ্ণ চহৰ অবাক হল। সেই সুন্দৰ শিশুটিক চাবলৈ ৰজাও আহিল। স্বৰ্গৰ দেৱতা সকলেও কবীৰদেৱৰ সৌন্দৰ্য চাই আছিল। প্ৰত্যেকেই নিজৰ নিজৰ অনুমানত কৈ আছিল যে এইজন দেৱতা, ভূত বা কিন্নৰৰ আত্মা হব পাৰে। কথাটো শুনি নীমাৰ খং উঠিছিল আৰু কৈছিল যে  “তোমালোকে মোৰ লৰাক বেয়া চকুৰে চাইছা।”

মানুহে কৈছিল যে লৰাটোক কোনো দেৱতাৰ নিচিনা লাগে। স্বৰ্গত দেৱতা সকলে কৈছিল যে শিশুটিক  ব্ৰহ্মা, বিষ্ণু বা শিৱৰ অৱতাৰ যেন লাগে। ওপৰত ব্ৰহ্মা, বিষ্ণু আৰু শিৱই কৈছিল যে এই শিশুটি পাৰব্ৰহ্ম ( পৰমেশ্বৰ )ৰ অৱতাৰ হব পাৰে।

ভগৱান কবীৰদেৱৰ পোষণ এজনী কুমাৰী গাইৰ গাখীৰেৰে হৈছিল

ভগৱান কবীৰদেৱ বালকৰ লীলাময় শৰীৰ ৰূপত ২৫ দিনৰ  হৈছিল। তেওঁ একোৱেই খোৱা নাছিল যদিও তেওঁৰ শৰীৰৰ বৃদ্ধি এনেদৰে হৈছিল যেন তেওঁ দিনে দুবাৰকৈ এসেৰ গাখীৰ খাইছিল। শিশুটি মৰিব বুলি নীমাৰ চিন্তা হল। শিশুটি মৰিলে ময়ো লগতে মৰিম বুলি ভাবিব ধৰিলে। তেওঁ নিজৰ ভগৱান শঙ্কৰক স্মৰণ কৰি বেয়াকৈ কান্দিব ধৰিলে- “হে ভগৱান শংকৰ প্ৰভু, আপুনি আমাক সন্তান দিবই নালাগিছিল, এতিয়া আপুনি দিয়াৰ পাছত আকৌ নি আছে।” ভগৱান কবীৰদেৱে ভাবিলে, “মই নমৰোঁ ঠিক, কিন্তু এই বুঢ়ীজনী এই চিন্তাত নিশ্চয় মৰিব।”

ভগৱান কবীৰদেৱে ভগৱান শিৱক প্ৰেৰণা দিলে। ভগৱান শিৱই গম পালে যে কোনোবাই তেওঁক স্মৰণ কৰি আছে। ভগৱান শংকৰ সাধুৰ বেশত তাত আহিল। তেওঁ নীমাক  কিয় কান্দি আছে বুলি সুধিলে। নীমাই কলে যে তেওঁৰ শিশুটিয়ে একো খোৱা নাই। “সি মৰিব আৰু ময়ো তাৰ লগতে মৰিম ।” ভগৱান শিৱই শিশুটি কত আছে বুলি সুধিলে। নীমাই ভগৱান কবীৰক ভগৱান শিৱৰ চৰণত থোৱাৰ কথা ভাবিলে। তেওঁ বালক কবীৰক শিৱৰ চৰণত থবলৈ বিচাৰোঁতেই বালক কবীৰ বতাহত ভাহি শিৱৰ মূৰৰ সমান ওপৰত গৈ ৰল।

নীমাই ভাবিলে যে এয়া সন্তজনৰ কাম হয়। ভগৱান শিৱ আৰু ভগৱান কবীৰদেৱে সাতবাৰ চৰ্চা কৰিলে। ভগৱান কবীৰে ভগৱান শিৱক কলে, “নীৰু-নীমাক এজনী কুমাৰী গাই আনিবলৈ কোৱা। আপুনি গাইজনীৰ পিঠিত থপৰিয়াব পাৰে। তাই গাখীৰ দিব।” ভগৱান শঙ্কৰে নীমাক কলে, “তোমাৰ বাচ্চা নমৰে, আইজনী। তেওঁৰ আয়ুস বৰ বেছি। তেওঁৰ মহিমাৰ কোনো অন্ত নাই। তুমি ধন্য , ধন্য এই নগৰী যত ইমান মহান আত্মা আহিছে।”

নীমাই ভাবিলে সন্তজনে তেওঁক কেৱল সান্তনা দিছে। তেতিয়া ভগৱান শিৱই কলে, “আপুনি এজনী কুমাৰী গাই আৰু এটা নতুন পাত্ৰ লৈ আহক।” নীৰুয়ে কোৱামতে কৰিলে। নতুন পাত্ৰটো ওহাৰৰ তলত থোৱা হল। ভগৱান শিৱই গাইৰ পিঠিত থপৰিয়ালে আৰু লগে লগে গাখীৰৰ ধাৰা বব ধৰিলে। পাত্ৰটো সম্পূৰ্ণ ভৰি যোৱাত গাখীৰ ওলোৱা বন্ধ হল। সেই গাখীৰ কবীৰ পৰমেশ্বৰে খালে।

নীমাই সন্তক ধন্যবাদ দিলে। তেওঁ ভাবিলে সন্তজনে এই সকলো কৰিছে। নীমাই দক্ষিণা (দান )দিবলৈ উপায়হীন বুলি জনালে। ভগৱান শিৱই কলে, “মই টকা বিচৰা বিধৰ লোক নহওঁ। তোমাক দুঃখত দেখিহে মই ইয়াত আহিলোঁ।” ইয়াকে কৈ ভগৱান শিৱ গুচি গল। তাৰ পাছত গাইজনীয়ে প্ৰতিদিনে গাখীৰ দিবলৈ ধৰিলে। সেই গাখীৰ কবীৰ পৰমেশ্বৰে খাইছিল। এনেদৰে পৰমেশ্বৰ কবীৰদেৱৰ পালন-পোষণৰ দিব্য কাৰ্য সম্পন্ন হয়।

পূৰ্ণ পৰমাত্মাই কুমাৰী গাইৰ গাখীৰ কিয় খায় ?

পৱিত্ৰ ঋগবেদ মণ্ডল ৯ সুক্ত ১ মন্ত্ৰ ৯ ত কোৱা হৈছে যে ঈশ্বৰৰ পালন-পোষণৰ দিব্য কাৰ্য এজনী কুমাৰী গাইৰ গাখীৰেৰে হয়। পৰমাত্মা চিনাক্তকৰণৰ এই মাপকাঠী কেৱল পৰমাত্মা কবীৰদেৱৰ ক্ষেত্ৰতহে খাটে।

৫ বছৰ বয়সতে কবীৰদেৱে নিজৰ লীলাময় শৰীৰ (দেহেৰে দৈৱিক কৰ্ম কৰিব ধৰিলে )ত থাকি তাৰ গণ্য মান্য সন্তৰ লগত আধ্যাত্মিক আলাপ আলোচনা কৰা আৰম্ভ কৰি দিছিল। কোনো সন্ত বা ঋষিয়ে তেওঁৰ আধ্যাত্মিক জ্ঞানৰ উত্তৰ কেতিয়াও দিব নোৱাৰিলে।

ভগৱান কবীৰদেৱে গুৰু ধাৰণ কৰিছিল

ভগৱান কবীৰদেৱে গুৰু ধাৰণ কৰিবলৈ এটা লীলা কৰিলে আৰু ২.৫ বছৰীয়া শিশুৰ ৰূপ ললে। ব্ৰহ্ম মুহুৰ্তৰ সময়ত গঙ্গা ঘাটৰ চিৰিত শুই থাকিল। স্বামী ৰামানন্দদেৱ ব্ৰহ্ম মুহূৰ্ততে স্নান কৰিবলৈ গঙ্গাৰ ঘাটত গৈছিল। স্বামী ৰামানন্দদেৱৰ খৰম কবীৰদেৱৰ মূৰত লাগিল। ভগৱান কবীৰ চাহাবে অভিনয় কৰি শিশুৰ দৰে কান্দিবলৈ ধৰিলে। স্বামী ৰামানন্দদেৱ ততালিকে তললৈ হালিলে। তেওঁৰ এটা মণিৰ তুলসীৰ মালা ( বৈষ্ণৱ সন্তৰ পৰিচয়ৰ মাপকাঠি )

ভগৱান কবীৰদেৱৰ ডিঙিত পৰিল । স্বামী ৰামানন্দদেৱে কবীৰ পৰমেশ্বৰৰ বালক ৰূপৰ মূৰত হাত থলে আৰু কলে, “বোপা, ‘ৰাম-ৰাম’ কোৱা, । ৰাম নামেৰে দুখ নাশ হয়। ভগৱান কবীৰদেৱে কন্দা বন্ধ কৰিলে। স্বামী ৰামানন্দদেৱে কবীৰদেৱক বালক ৰূপত আকৌ চিৰিত বহুৱাই স্নান কৰিবলৈ গল, ভাবিছিল যে শিশুটো ভুলতে ইফালে আহিল। মই তাক নিজৰ আশ্ৰমত লৈ যাম। যাৰ সন্তান হলেও আশ্ৰমত আহি লৈ যাব।” ভগৱান কবীৰদেৱ তাৰপৰা নোহোৱা হৈ পৰিল আৰু নিজৰ কুটীৰত উপস্থিত হল।

তাৰ পাছত ভগৱান কবীৰদেৱে এবাৰ  *বিষ্ণু পুৰাণ* শুনাই থকা স্বামী ৰামানন্দদেৱৰ শিষ্য বিবেকানন্দক শ্রোতাৰ সমুখতে প্ৰশ্ন কৰিলে যে পৰমাত্মা কোন হয় । শ্রোতাৰ সমুখত নিজৰ মান-সন্মান বচাই ৰাখিবলৈ তেওঁ বালক ৰূপী কবীৰ পৰমেশ্বৰক গালি পাৰি তেওঁৰ জাতি আৰু গুৰু কোন বুলি কলে। উপস্থিত শ্রোতাই কলে যে কবীৰদেৱ নীচ জাতিৰ তাঁতী হয়। ভগৱান কবীৰদেৱে কলে, “মোৰ গুৰু আপোনাৰো গুৰু হয়। মই স্বামী ৰামানন্দদেৱৰ পৰা দীক্ষা লৈছোঁ।” বিবেকানন্দই ঠাট্টা কৰি হাঁহিলে, “আপোনালোকে শুনিছেনে ! লৰাটোৱে মিছা মাতিছে। স্বামী ৰামানন্দদেৱে নীচ জাতিৰ লোকক দীক্ষা নিদিয়ে। মই স্বামী ৰামানন্দদেৱক কম আৰু আপোনালোকো  কালি আহি চাব যে স্বামী ৰামানন্দদেৱে এই লৰাক কিদৰে শাস্তি দিব।

বিবেকানন্দদেৱে স্বামী ৰামানন্দক সকলো কথা কলে। স্বামী ৰামানন্দদেৱেও খং কৰি লৰাটোক লৈ আনিবলৈ কলে। পিছদিনা পুৱাই ভগৱান কবীৰদেৱক স্বামী ৰামানন্দদেৱৰ সমুখত অনা হল। স্বামী ৰামানন্দদেৱে নিজৰ জুপুৰীৰ সমুখত এটা আঁৰ কাপোৰ লোকক দেখুৱাই এইবাবেই তৰি থৈছিল যে  তেওঁ নীচ জাতিক দীক্ষা দিয়াটো দূৰৰ কথা তেওঁৰ ওচৰত নীচ জাতিৰ দৰ্শকো নাই। স্বামী ৰামানন্দদেৱে বৰ খঙেৰে পৰ্দাৰ সিফালৰ পৰা কবীৰ পৰমেশ্বৰক তেওঁ কোন বুলি সুধিলে। ভগৱান কবীৰদেৱে কলে, “হে স্বামী, মই এই সৃষ্টিৰ নিৰ্মাতা। এই সম্পূৰ্ণ সংসাৰ মোৰ ওপৰত আশ্ৰিত। মই ওপৰত সনাতন ধাম সত্যলোকত বাস কৰোঁ।”

স্বামী ৰামানন্দদেৱে  কথাটো শুনি বেয়া পালে। তেওঁ তেওঁক বৰকৈ গালি পাৰিলে আৰু অন্য কিছুমান প্ৰশ্ন সুধিলে। ভগৱান কবীৰদেৱেও এজন আদৰ্শ শিষ্যৰ দৰে প্ৰশ্নবোৰৰ উত্তৰ শান্তি আৰু বিনম্ৰতাৰে দিলে। তেতিয়া ৰামানন্দদেৱে ভাবিলে যে লৰাটোৰ লগত চৰ্চা কৰোঁতে বহুত সময় লাগিব, গতিকে প্ৰথমতে তেওঁ নিজৰ দৈনিক ধাৰ্মিক সাধনা সম্পূৰ্ণ কৰি লব ।

স্বামী ৰামানন্দদেৱে  ধ্যানত বহি কল্পনা কৰিছিল যে তেওঁ নিজে গঙ্গাৰ পৰা পানী আনিলে, ভগৱান বিষ্ণুৰ মূৰ্তিক গা ধুৱালে, বস্ত্ৰ সলনি কৰি দিলে, মালা পিন্ধোৱালে আৰু শেষত মূৰ্তিৰ মূৰত যথাবিধি মুকুট ৰাখিলে। সেইদিনা স্বামী ৰামানন্দদেৱে মূৰ্তিৰ ডিঙিত মালা পিন্ধোৱাবলৈ পাহৰিলে। তেওঁ মালাডাল মুকুটৰ পৰা উলিয়াবলৈ চেষ্টা কৰিলে কিন্তু মালা লাগি ধৰিলে। স্বামী ৰামানন্দদেৱ ব্যথিত হৈ পৰিল আৰু নিজকে কব ধৰিলে যে “নিজৰ সম্পূৰ্ণ জীৱনত আজিলৈকে মই এনে ভুল কেতিয়াও কৰা নাছিলোঁ। মই আজি কি ভুল কৰিলোঁ যে এইটো হবলৈ পালে ?” তেতিয়াই কবীৰ পৰমেশ্বৰে কলে, “স্বামীদেৱ, মালাৰ গাঁঠি খুলি দিয়ক। আপুনি মুকুট নমাব নালাগে ।”

ৰামানন্দদেৱে ভাবিলে, “মই কেৱল কল্পনাহে কৰি আছিলোঁ। ইয়াত কোনো মূৰ্তি  নাই। মাজত পৰ্দা এখনো আছে। আকৌ এই শিশুৱে জানিছিল যে মই মানসিক ভাৱে কি কৰি আছিলোঁ।” তেওঁ এতিয়া কিয় গাঁঠি খুলিব। আনকি তেওঁ পৰ্দাখনো দলিয়াই পেলাই দিলে আৰু তাঁতী জাতিৰ বালক ৰূপত কবীৰ পৰমাত্মাক স্নেহালিঙ্গন কৰিলে। ৰামানন্দই বুজিলে যে এইজন ঈশ্বৰ হয়।

তাৰ পাছত ৫ বছৰীয়া বালকৰ ৰূপত ভগৱান কবীৰদেৱে ১০৪ বছৰীয়া মহাত্মা স্বামী ৰামানন্দদেৱক জ্ঞান বুজালে। তেওঁ তেওঁক সত্যলোক দেখুৱালে, তেওঁৰ বাস্তৱিক আধ্যাত্মিক জ্ঞান কলে আৰু ৰামানন্দদেৱক দীক্ষা দিলে। কবীৰ পৰমেশ্বৰে ৰামানন্দদেৱক সাংসাৰিক দৃষ্টিত তেওঁৰ (কবীৰদেৱৰ ) গুৰু হৈ থাকিবলৈ কলে অন্যথাই নতুন প্ৰজন্মই কব যে গুৰু ধাৰণ কৰাৰ কোনো প্ৰয়োজন নাই , কাৰণ কবীৰদেৱৰো কোনো গুৰু নাছিল।স্বামী ৰামানন্দদেৱে তেওঁক অনুৰোধ কৰিলে যে তেওঁ সদায় এনেকুৱা কৰিব নোৱাৰে কাৰণ তেওঁ জানিছিল যে ঈশ্বৰৰ গুৰু হোৱাটো পাপ। ভগৱান কবীৰদেৱে কলে, *”আপুনি মোৰ আদেশ মানি ইয়াৰ পালন কৰক।”*

পৰমেশ্বৰ কবীৰ চাহাবৰ অন্য চমৎকাৰ

হিন্দু আৰু মুছলমান ধৰ্মগুৰুৰ আপত্তিত, সিকন্দৰ লোধীয়ে এজনী গৰ্ভৱতী গাইক দুচেও কৰিলে আৰু ভগৱান কবীৰ চাহাবক ক’লে যে যদি তেওঁ আল্লাহ হয় তেন্তে ইয়াক জীৱিত কৰিব লাগে। নহ’লে সি তেঁওৰ মূৰ কাটি দিব। ভগৱান কবীৰ চাহাবে গাই আৰু তাৰ পোৱালিৰ পিঠি থপৰিয়ালে। দুয়ো জীৱিত হ’ল। ভগৱান কবীৰ চাহাবে সেই গাইৰ গাখীৰেৰে বালটি ভৰাই দিলে। সেই দেখি  সিকন্দৰ লোধীয়ে কবীৰ চাহাবক দণ্ডৱত প্ৰণাম কৰিলে।

সিকন্দৰ লোধীৰ পোৰণি ৰোগ ভাল কৰিলে

মহাৰাজ সিকন্দৰ লোধী  এক  দুৰাৰোগ্য ৰোগ (পোৰণি ৰোগ) ত পিড়িত আছিল তেঁও বহুতো বৈদ্যক দেখুৱালে আৰু বহুত ধাৰ্মিক অনুষ্ঠানো কৰালে। কিন্তু একো লাভ নহ’ল। তেতিয়া কোনোবাই তেওঁক কবীৰ পৰমাত্মাৰ বিষয়ে ক’লে। তেঁও পৰমেশ্বৰ কবীৰ চাহাবৰ ওচৰলৈ গ’ল আৰু নিজৰ ৰোগৰ বিষয়ে ক’লে। ভগৱান কবীৰ চাহাবে মাত্ৰ আশীৰ্বাদ দি  তেওঁক ঠিক কৰি দিছিল।

স্বামী ৰামানন্দক জীৱিত কৰিলে

সিকন্দৰ লোধীয়ে ক্ৰোধবশত স্বামী ৰামানন্দক বধ কৰিছিল। ভগৱান কবীৰ চাহাবে স্বামী ৰামানন্দক তেঁওৰ আগত পুনৰ জীৱিত কৰি দিলে। এই দেখি সি কন্দৰ লোধীয়ে কবীৰ পৰমেশ্বৰৰ শৰণ ল’লে।

কমাল- কমালীক জীৱিত কৰিলে

কিন্তু সিকন্দৰ লোধীৰ মুছলমান পীৰক কবীৰ পৰমেশ্বৰৰ প্ৰতি ঈৰ্ষা উপজিল । তেওঁ সিকন্দৰ লোধীক ক’লে,” মই তাক আল্লাহ বুলি তেতিয়া মানিম যেতিয়া তেঁও মোৰ আগত  মৃত মানুহক জীৱিত কৰিব।” সিকন্দৰে কবীৰ চাহাবক নিজৰ সমস্যা ক’লে। পিছদিনা তেঁও দেখিলে যে এজন ১২-১৩বছৰৰ ল’ৰাৰ মৰাশ নদীত উপঙি আছিল। তেতিয়া কবীৰ চাহাবে সেই ল’ৰাজনক জীৱিত কৰিলে। তাত উপস্থিত সকলো লোকে ক’লে, “কমাল  (চমৎকাৰ) কৰি দিলে! কমাল কৰি দিলে।” সেইকাৰণে  ল’ৰাজনৰ নাম কমাল ৰখা হ’ল। ভগৱান কবীৰ চাহাবে তেওঁক নিজৰ পুত্ৰৰ ৰূপত নিজৰ লগত ৰাখিলে।

কিন্তু শ্বেখতকীয়ে এইটো দেখিও কবীৰ চাহাবৰ শক্তিক নামানিলে আৰু ক’লে যে, ” মই তেওঁক আল্লাহ বুলি তেতিয়া মানিম যেতিয়া তেওঁ কফিনত থকা মোৰ মৃত ছোৱালীক পুনৰ জীৱিত কৰিব। হ’ব পাৰে সেই ল’ৰাজন মৰা নাছিল।” তাৰ পিছত ছোৱালীজনীক জীৱিত কৰাৰ তাৰিখ ঠিক কৰা হ’ল । নিৰ্ধাৰিত তাৰিখত সকলো মানুহ চমৎকাৰ চাবলৈ নিৰ্দিষ্ট ঠাইত উপস্থিত হ’ল। ভগৱান কবীৰ চাহাবে সেই ছোৱালীজনীক জীৱিত কৰি দিলে। তাই শ্বেখতকীৰ লগত যাবলৈ মানা কৰি ক’লে যে, ” এতিয়া মই মোৰ আচল পিতাৰ লগত থাকিম।” তাই দেৰ ঘণ্টা সৎসঙ্গ কৰিলে আৰু মানুহক ক’লে যে এওঁৱেই *আল্লাহু আকবৰ* হয়। তাই নিজৰ পিতাক ক’লে, ” শ্বেখতকী , তুমি নিজৰ কৰ্ম বেয়া নকৰিবা। তেঁওক চিনি পোৱা । তেওঁ সৰ্বোচ্চ ভগৱান হয়।” সৎসংগ শুনি  হাজাৰ হাজাৰ লোকে কবীৰ পৰমেশ্বৰৰ শৰণ গ্ৰহণ কৰিলে। এনেকৈয়ে কবীৰ চাহাবৰ এজন পুত্ৰ আৰু এজনী জী হ’ল। কবীৰ চাহাবে বিবাহ কৰা নাছিল।

সেওক জীৱিত কৰিলে

এবাৰ কবীৰ চাহাব কমাল আৰু শ্বেখ ফৰিদ( তেওঁৰ এজন শিষ্য) ৰ লগত দিল্লীত থকা নিজৰ শিষ্য সম্মন (পিতা), সেও (পুত্ৰ),আৰু নেকী (মা) ৰ ওচৰত গ’ল। তেওঁলোক বহুত  দৰিদ্ৰ আছিল। সেইদিনা তেওঁলোকৰ ওচৰত খাদ্য নাছিল। সম্মন আৰু তেওঁৰ পুত্ৰ সেওৱে চুৰি কৰাৰ কাৰণে যোজনা বনালে। ৰাতি ওচৰৰে দোকানৰ ভিতৰৰ পৰা সেওৱে ১ কেজি আটা তেওঁৰ পিতা সম্মনক দিলে। এনেতে দোকানৰ মালিকৰ টোপনি ভাঙিল। তেওঁ সেওক ভৰিত ধৰি ল’লে। সম্মনে তেওঁৰ পত্নী নেকীক  আটা দিলে। নেকীয়ে তেওঁক ক’লে যে সেওৰ মূৰটো কাটি দিয়া, নহ’লে দোকান মালিকে গুৰুদেৱক শাস্তি দিব। সন্মনে ঠিক তেনেকুৱা কৰিলে। ৰাতিপুৱা যেতিয়া তেওঁলোকে পৰমেশ্বৰ কবীৰ চাহাব আৰু অন্য অতিথিৰ কাৰণে ভোজন তৈয়াৰ কৰিলে, ভগৱান কবীৰ চাহাবে সেওক মাতিলে। সেও আহিল আৰু ভোজন কৰিবৰ কাৰণে বহিল। এই দেখি সম্মন আৰু নেকী আচৰিত হৈ ৰ’ল যে সেওৰ ডিঙিত কটাৰ দাগ পৰ্যন্ত নাছিল। ইয়াৰ পাছত সেই চুবুৰীত সম্মন বহুত ধনী ব্যক্তি হ’ল।

লাখ লাখ লোকৰ অসাধ্য ৰোগ ঠিক কৰিলে

কাশীত নিজৰ ১২০ বছৰৰ দীৰ্ঘকালিন প্ৰবাসৰ সময়ত, ভগৱান কবীৰ চাহাবে লাখ লাখ লোকৰ অসাধ্য ৰোগৰ লগতে অন্য সমস্যাবোৰকো ঠিক কৰিছে। তেওঁ নিজৰ প্ৰিয় আত্মাক নিজৰ আধ্যাত্মিক উপদেশ দিয়াৰ বাবে কাশীৰ উপৰিও এদিনত শ শ স্থানত প্ৰকট হৈছিল। যিহেতু তেতিয়া দূৰ- সংযোগৰ কোনো ব্যৱস্থা নাছিল।

সেই সময়ত ভাৰতৰ মুঠ জনসংখ্যা প্ৰায় চাৰি কোটি আছিল।ভাৰতত পাকিস্তান, আফগানিস্তান, বেলুচিস্তান, ইৰাক আৰু  ইৰানো অন্তৰ্গত আছিল। অস্পৃশ্যতাও চৰম সীমাত আছিল। সেই সময়ত, গোটেই বিশ্বত  এজন তাঁতীৰ ৬৪ লাখ শিষ্য আছিল। ইয়াৰ দ্বাৰা জানিব পাৰি যে তেওঁ কোনো সামান্য সন্ত নাছিল। তেওঁ স্বয়ং ভগৱান আছিল, আৰু আমি তেওঁক চিনি নাপালোঁ  ।

ভগৱান কবীৰ চাহাবে আধ্যাত্মিক জ্ঞান বুজাইছিল

ভগৱান কবীৰ চাহাবে আমাৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ সমূহৰ আধাৰত আধ্যাত্মিক জ্ঞান কৈছিল। কবীৰ চাহাবে কৈছিল যে হিন্দু আৰু মুছলমান দুয়োৱে পূজাৰ সঠিকভাৱে অভ্যাস কৰা নাই। গীতা দেৱতাসকলৰ পূজাৰ পক্ষত নাই, আৰু হজৰত মোহম্মদেও কেতিয়াও মদ খোৱা নাছিল। এই অজ্ঞানী গুৰুসকলে আপোনাক ঠগি আছে। কিন্তু আমি সেই সময়ত অশিক্ষিত আছিলো।

সেই সময়ত কেৱল ব্ৰাহ্মণসকলক হে শিক্ষা লাভ কৰাৰ অনুমতি আছিল।নকলি ধৰ্মগুৰুৱে  জনতাক  “কবীৰ চাহাব অশিক্ষিত হয়। তেওঁক পৱিত্ৰ পুথিৰ জ্ঞান হ’ব নোৱাৰে কাৰণ তেওঁ পঢ়া নাই। তেওঁ মিছলিয়া হয়।” এই বুলি ঠগি আছিল। তেওঁলোকৰ কথাত আহি আমি কবীৰ পৰমেশ্বৰৰ শত্ৰু হৈ গ’লো। সেই সময়ত নকলি ধৰ্মগুৰুৰ কাৰণে মানুহৰ মনত কবীৰ পৰমেশ্বৰৰ প্ৰতি ঘৃণা উৎপন্ন হ’বলৈ ধৰিলে।

কবীৰ পৰমেশ্বৰৰ দ্বাৰা কোৱা জ্ঞানক নুবুজাকৈ মানুহে তেওঁৰ ওপৰত শিল দলিয়াইছিল। হিন্দু ধাৰ্মিক নেতাসকলে মানুহক এই বুলি ঠগিছিল যে, ” সি আমাৰ ধৰ্মৰ সমালোচনা কৰে, সি আমাৰ ত্ৰিমূৰ্তিৰ সমালোচনা কৰে ।” মুছলমান ধাৰ্মিক নেতাসকলে কৈছিল,” সি আমাৰ ধৰ্মৰ সমালোচনা কৰে। সি নিজকে আল্লাহ বুলি কয়।”  তেওঁলোকে  আৰু ঠগ জনতাই কবীৰ চাহাবক যিকোনো প্ৰকাৰে কষ্ট দিব বিচাৰিছিল।

শেখতকীয়ে কবীৰ পৰমেশ্বৰক মাৰিবলৈ ৫২ বাৰ চেষ্টা কৰিলে

শেখতকী সেই সময়ত ভাৰতৰ সকলো মুছলমানৰ মুখিয়াল আছিল। সি কবীৰ পৰমেশ্বৰক মাৰিবলৈ ৫২ বাৰ চেষ্টা কৰিলে। সি কবীৰদেৱক এটা খালী কুঁৱাত পেলাইছিল আৰু তেওঁৰ ওপৰত মাটি,জেং, জাবৰ আদি পেলাই কুঁৱাটো ভৰাই দিছিল। তাৰ পিছত শেখতকী সিকন্দৰ লোধিক খবৰ দিবলৈ গল যে কবীৰদেৱ মৰিল। কিন্তু সি গৈ দেখিলে যে কবীৰদেৱ সিকন্দৰ লোধিৰ লগত বহি আছে। শেখতকী নৰপিশাচ ইমানতে থমকি নৰল।

সি কবীৰ পৰমেশ্বৰক উতলি থকা তেলৰ ভৰা কেৰাহীত বহিবলৈ কলে। ভগৱান কবীৰদেৱ উতলি থকা তেলৰ কেৰাহীতো আৰামেৰে  বহিছিল। তেওঁৰ একো নহল। শেখতকীয়ে এবাৰ কিছুমান গুণ্ডাক কবীৰ পৰমেশ্বৰৰ কুটীৰত লৈ গল। সিহঁতে নিজৰ তৰোৱালেৰে কবীৰ পৰমেশ্বৰৰ ওপৰত ৬/৭ বাৰ ঘপিয়ালে। প্ৰত্যেক বাৰ ভগৱান কবীৰৰ শৰীৰৰ মাজেৰে তৰোৱাল পাৰ হৈ গৈছিল। এনে লাগিছিল যেন কপাহতকৈ কোমল কোনো বস্তুক চুইছে। তেওঁৰ শৰীৰ সম্পূৰ্ণ হাড় ৰহিত আছিল। তেওঁক মৰা বুলি ভাবি গুণ্ডা পিছ হুহকিল। কবীৰ পৰমেশ্বৰে থিয় হৈ কলে, “শেখতকী, এনেয়ে নাযাবা। পানী হলেও খাই যোৱা।” তেওঁক ভূত ভাবি সকলো পলাই পত্ৰং দিলে। গুণ্ডাবোৰ জ্বৰত পৰিল। তথাপি কবীৰদেৱে সিহঁতক ভাল কৰি দিলে।

কবীৰদেৱক এটা  মাতাল খুনী হাতীৰ সমুখত ৰখা হল। ভগৱান কবীৰদেৱে তাক এটা সিংহৰ ৰূপ দেখুৱালে। সিংহক দেখি হাতীয়ে হাগিবলৈ ধৰিলে আৰু ভয়তে পলাল।

কবীৰ পৰমেশ্বৰৰ ডিঙিত গধুৰ শিল বান্ধি গঙ্গা নদীত পেলাই দিয়া  হৈছিল। ৰছী ছিগিল, শিল ডুবি গল। ভগৱান কবীৰ নদীৰ (পানীৰ ) ওপৰত বহি আছিল। নদীয়ে কবীৰ চাহাবৰ চৰণ স্পৰ্শ কৰি আছিল। তাৰ পাছত আকৌ শিল দলিওৱা হল। ১২ ঘণ্টা ধৰি তোপ চলোৱা হল। কিন্তু অবিনাশীক কোনে, কিহেৰে  মাৰিব পাৰে ? বহুবাৰ মৰাৰ চেষ্টা কৰাৰ পাছতো পৰমেশ্বৰ কবীৰদেৱৰ মৃত্যু নহল। তেওঁ বাস্তৱিক শাশ্বত ঈশ্বৰ হয়।

কলিযুগৰ ৫৫০৫ বছৰ ১৯৯৭ চনত সম্পূৰ্ণ হল

ভগৱান কবীৰদেৱে নিজৰ সত্য আধ্যাত্মিক জ্ঞান আৰু পূজাৰ পদ্ধতি নিজৰ প্রিয় আত্মাক প্ৰদান কৰিবলৈ ভীষণ সংঘৰ্ষ কৰিলে। তেওঁ জানিছিল যে তেতিয়াৰ সমাজ অশিক্ষিত হোৱাৰ বাবেই তেওঁক চিনিব পৰা নাই । সেই কাৰণে কবীৰ পৰমেশ্বৰে প্ৰায় ৬০০ বছৰ আগতে ধৰ্মদাসক কৈছিল, “কলিযুগৰ ৫৫০৫ বছৰ ( ১৯৯৭ চন ) হয় মানে সমাজ শিক্ষিত হব। মই আকৌ আহিম আৰু তেতিয়া সম্পূৰ্ণ সংসাৰে মোৰ আশ্ৰয় লব। তেতিয়া গোটেই দুনিয়া  স্বাধীন হব। যেতিয়ালৈকে সেই সময় নাহে, মোৰ শব্দ ভিত্তিহীন, মিছা যেন লাগিব।”

পৰমেশ্বৰ কবীৰদেৱে মগহৰত শৰীৰ এৰিলে

যেতিয়া নিজৰ সনাতন স্থানত উভতি যোৱাৰ সময় আহিল তেতিয়া কবীৰ পৰমেশ্বৰে এই নশ্বৰ সংসাৰক এৰিবলৈ মগহৰ নামৰ ঠাই বাছি ললে , কাৰণ সেই সময়ত ধৰ্মগুৰু সকলৰ দ্বাৰা এটা বিশেষ গুজৱ প্ৰচাৰিত হৈছিল যে “মগহৰত মৰিলে গাধ হয় আৰু কাশীত মৰিলে স্বৰ্গলৈ যায়।” ১২০ বছৰ বয়সত কাশীৰ পৰা মগহৰ যাবলৈ তেওঁ তিনি দিন খোজ কাঢ়িলে এইটো প্ৰমাণিত কৰিবলৈ  যে এজন সত্য উপাসকক বৃদ্ধ অৱস্থাতো কোনো কষ্ট নহয়।

তেওঁৰ শিষ্য কাশীৰ ৰজা বীৰদেৱ সিংহ বঘেলে হাজাৰ হাজাৰ সশস্ত্ৰ সৈনিক আৰু দৰ্শকৰ সৈতে কবীৰদেৱৰ অনুসৰণ কৰিলে। কবীৰ পৰমেশ্বৰৰ শিষ্য, মগহৰৰ ৰজা বিজলী খান পাঠানে যথাসম্ভৱ সকলো ব্যৱস্থা কৰিছিল। প্ৰস্থান কৰাৰ আগতে ভগৱান কবীৰদেৱে শুকাই যোৱা আমী নদীত জল প্ৰবাহিত কৰিছিল।

কবীৰদেৱে দেখিলে যে হিন্দু ৰজা বীৰদেৱ সিংহ বঘেল আৰু মুছলিম ৰজা বিজলী খান পাঠানে নিজৰ নিজৰ সেনা তৈয়াৰ কৰিছিল। কবীৰদেৱে তেওঁলোকক  নিজৰ সেনা কিয় লগত আনিছে বুলি সুধিলে। বীৰদেৱ সিংহ বঘেল আৰু বিজলী খান পাঠান দুয়োজনে তলমূৰ কৰিলে । অন্য হিন্দু আৰু মুছলিম সৈনিকে নিজৰ ইচ্ছা ব্যক্ত কৰিলে আৰু কলে, “আপুনি আমাৰ গুৰু, আমি আপোনাৰ শেষ কৃত্য নিজৰ ধৰ্ম অনুসৰি কৰিম। যদি সিহঁতে নামানে তেন্তে আমাৰ মাজত যুদ্ধ হব।” ভগৱান কবীৰদেৱে কলে , “মই আপোনালোকক ১২০ বছৰ ধৰি কি ইয়াকে শিকালোঁ নেকি ? তোমালোক দুয়ো হিন্দু আৰু মুছলিমে এতিয়াও নিজকে বেলেগ বুলি ভাবিছা  !”  ভগৱান কবীৰদেৱে কিছুপৰ লৈকে তাত উপস্থিত সকলোকে আধ্যাত্মিক উপদেশ দিলে। ভগৱান কবীৰদেৱে জানিছিল যে ওপৰে ওপৰে তেওঁৰ কথাত হয়ভৰ দিলেও তেওঁলোকে নিজৰ মন সলনি কৰা নাই।

তাৰ পাছত প্ৰস্থান কৰিবলৈ কবীৰদেৱ এখন চাদৰত শুলে আৰু আন এখন চাদৰেৰে নিজকে ঢাকি ললে। ভকত বৃন্দই শ্ৰদ্ধাৰে চাদৰত ফুল অৰ্পণ কৰিলে । কিছু সময়ৰ পাছত কবীৰ পৰমেশ্বৰে ওপৰৰ পৰা কলে, “চাদৰ উঠাই চোৱা, তোমালোকে মোৰ শৰীৰ নাপাবা। তাত যি পাবা, তাক সমানে ভগাই লবা, কিন্তু  কাজিয়া নকৰিবা।”

তেওঁলোকে ওপৰলৈ চাই দেখিলে যে এটা তিৰবিৰাই থকা ৰশ্মি ওপৰলৈ গৈ আছিল। চাদৰ উঠাই চাওঁতে তাত তেওঁলোকে কবীৰ পৰমেশ্বৰৰ শৰীৰৰ আকাৰৰ ফুল পালে। তেওঁলোক সকলো কান্দিবলৈ ধৰিলে আৰু কলে যে “আমি নিজৰ ঈশ্বৰক অন্তিম সময়তো সুখ দিব নোৱাৰিলোঁ। তেওঁ প্ৰকৃততে ভগৱান আছিল, আমি তেওঁক চিনিব নোৱাৰিলোঁ।” যি হিন্দু মুছলমান অলপ সময়ৰ আগতে ইজনে সিজনৰ বিৰুদ্ধে যুজঁ কৰিবলৈ সাজু আছিল , এতিয়া মা-দেউতাৰ মৃত্যুত কান্দি থকা ভাই-ভনীৰ দৰে ইজনে সিজনক স্নেহ-আলিংগন কৰি কান্দি আছিল।

তেঁওলোকে ফুলবোৰ দুভাগ কৰি ভগাই ললে। আজি সেই ঠাইত মগহৰত স্মাৰক আছে। এফালে ভগৱান কবীৰদেৱৰ হিন্দু মন্দিৰ আছে আৰু আনফালে মুছলিমৰ মছজিদ আছে। মাজত এটাই প্ৰৱেশপথ আছে তাৰ পৰা যিকোনো স্মাৰকত যাব পাৰি।  এইদৰে পৰমেশ্বৰ কবীৰদেৱে হিন্দু মুছলিমৰ মাজত হব লগা যুদ্ধ বন্ধ কৰিলে আৰু দুয়োকে ভ্ৰাতৃত্ববোধৰ শিক্ষা দিলে।

অন্য সম্প্ৰদায়েও কবীৰ প্ৰকট দিৱস পালন কৰে

কবীৰ সাগৰৰ কবীৰ বাণী অধ্যায়ত ১৩৬- ১৩৭ পৃষ্ঠাত বাৰটা কবীৰ পন্থৰ বৰ্ণনা আছে। ভগৱান কবীৰদেৱে ধৰ্ম দাস দেৱক কৈছিল যে সেই বাৰটা সম্প্ৰদায়ত কেৱল কালৰহে আদেশ চলিব। তেওঁলোকে কবীৰদেৱৰ নাম লয় আৰু সত্যলোকৰ মহিমা বৰ্ণনা কৰে, কিন্তু তেঁওলোকে কালৰে পূজা কৰে। যিসকল লোকৰ পৰা এই পন্থ সমূহৰ উৎপত্তি হব তেওঁলোক পৱিত্ৰ আত্মা হব কিন্তু তেওঁলোকৰ নতুন প্ৰজন্ম কালৰ দ্বাৰা প্ৰেৰিত হব। অধ্যায় কবীৰ চৰিত্ৰ বোধ ১৮৭০ পৃষ্ঠাত বাৰটা পন্থৰ নাম লিখা আছে। আকৌ ১৩৭ পৃষ্ঠাত কবীৰ বাণীত লিখা আছে যে দ্বাদশ পন্থত কবীৰ পৰমেশ্বৰ স্বয়ং আহি অন্য সকলো পন্থ শেষ কৰিব। আকৌ ১৩৪ পৃষ্ঠাত  “বংশ প্রচাৰ” শীৰ্ষকত কবীৰ পৰমেশ্বৰে কৈছে যে ত্ৰয়োদশ বংশই জ্ঞানৰ সকলো অন্ধকাৰ দূৰ কৰিব।

সেই ত্ৰয়োদশ পন্থৰ আৰম্ভণি সন্ত ৰামপালদেৱ মহাৰাজে কৰিছে। তেওঁৰ বংশৰ উৎপত্তি গৰীবদাস দেৱৰ দ্বাদশ কবীৰ পন্থৰ পৰা হৈছে। সদগুৰু ৰামপালদেৱৰ গুৰুদেৱ স্বামী ৰামদেৱানন্দই সন্ত ৰামপালদেৱক গুৰু পদৰ দায়িত্ব দি কলে, “দুনিয়াত আপোনাৰ সমান কোনো সন্ত নহব।” তেওঁ কবীৰ পৰমেশ্বৰৰেই  অৱতাৰ হয়। ১৯৯৭ চনত পৰমাত্মা কবীৰদেৱে সন্ত ৰামপালদেৱক লগ পালে আৰু সৎনাম আৰু সাৰ নামৰ ৰহস্য প্ৰকট কৰাৰ আদেশ দিলে। সেই সময় আহি পালেহি যেতিয়া সমগ্ৰ সংসাৰে তেওঁৰ শৰণ গ্ৰহণ কৰিব।

ইয়াত এই বৰ্ণনা কৰাৰ উদ্দেশ্যে এই যে আৰু বাৰটা কবীৰ পন্থ আছে যি *কবীৰ চাহাব প্ৰকট দিৱস* পালন কৰে। সম্পূৰ্ণ ভাৰতত কিছু অন্য কবীৰ পন্থও  আছে যি কালৰ প্ৰেৰণাত উৎপন্ন হৈছে। সেই সকলো বোৰেই কবীৰ চাহাব প্ৰকট দিৱস পালন কৰে। কিন্তু কবীৰদেৱৰ দ্বাৰা পঠিওৱা অধিকৃত সন্তইহে (কবীৰ বাণী অধ্যায়ৰ মতে ত্ৰয়োদশ পন্থইহে ) প্ৰকট দিৱসৰ সঠিক পদ্ধতি কব।

কবীৰ প্ৰকট দিৱস কেনেকৈ পালন কৰা হয় ?

সন্ত গৰীবদাসদেৱৰ *পৱিত্ৰ সদগ্ৰন্থ সাহিব* ৰ  ৫ – ৭ দিবসীয় পথক ধাৰণ কৰি সন্ত ৰামপালজীৰ আধ্যাত্মিক প্ৰবচন দি এই সুযোগ পালন কৰা হয়। আৰম্ভণিৰ পৰাই তেওঁলোকে এনেদৰে কৰি আহিছে। ইয়াৰোপৰি যৌতুক মুক্ত বিবাহ, ৰক্তদান আৰু শৰীৰদান শিবিৰ , ভোজন-ভণ্ডাৰা, সত্য আধ্যাত্মিক জ্ঞান বিষয়ত সজাগতা আৰু আধ্যাত্মিক পাখণ্ডৰ বিৰুদ্ধে সচেতনতা প্ৰকট দিৱসৰ মুখ্য কেন্দ্ৰবিন্দু হয়।

যৌতুক মুক্ত বিবাহ : ৰমৈনী

শতশত যৌতুক মুক্ত বিবাহ ৰমৈনীত সম্পূৰ্ণ লৌকিকতাহীনভাবে সম্পন্ন হয়। বিভিন্ন ধৰ্ম, ৰাষ্ট্ৰ, আৰু জাতিৰ যোৰা (দৰা-কইনা )ই এটকাৰ লেনদেন নকৰাকৈ বিয়া পাতে। দৰা কইনাই অতি সাধাৰণ বস্ত্ৰ পিন্ধি বিবাহ কৰে। দৰা কইনাৰ লগত অহা আলহীক ভণ্ডাৰাতে ভোজন কৰোৱা হয়। ৰমৈনী-বিবাহ কৰাৰ উদ্দেশ্যে হল বিবাহত যৌতুক আৰু অমিতাচাৰৰ দৰে সামাজিক কুপ্ৰথা সমাপ্ত কৰা।

ৰক্তদান আৰু শৰীৰদান শিবিৰ

প্ৰতি বছৰে কবীৰ চাহাব প্ৰকট দিৱসৰ সময়ত *ৰক্তদান আৰু শৰীৰদান শিবিৰ* আয়োজন কৰা হয়। অসংখ্য লোকে স্ব-ইচ্ছাৰে ৰক্তদান কৰে আৰু মানৱতাৰ কল্যাণৰ বাবে মৃত্যুৰ পাছত শৰীৰদান কৰিবলৈ পঞ্জীয়ন কৰায়।

বিনামূলীয়া ভোজন ব্যৱস্থা

সন্ত ৰামপালজী মহাৰাজৰ দ্বাৰা আয়োজিত কবীৰ চাহাব প্ৰকট দিৱসত সকলো পকান্ন বিশুদ্ধ দেশী ঘিউ ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। ভোজনত কিছু মিঠাইও থাকে, যেনে লাড়ু , জেলেপি আৰু বুন্দিয়া প্ৰসাদৰ লগতে বিভিন্ন প্ৰকাৰৰ চবজি আৰু পুৰী , ৰায়তা, আচাৰ আৰু চালাদ। এই ভোজন সকলোৰে বাবে বিনামূলীয়া।

বাস্তৱিক আধ্যাত্মিক জ্ঞান বিষয়ত সজাগতা বৃদ্ধি কৰা

সন্ত ৰামপালজী মহাৰাজৰ আধ্যাত্মিক প্ৰবচন সদায়েই কবীৰ প্ৰকট দিৱসৰ প্ৰধান অংশ হয়। সদগুৰু ৰামপালজী মহাৰাজৰ আধ্যাত্মিক প্ৰবচন প্ৰতিটো ধৰ্মৰ পৱিত্ৰ শাস্ত্ৰৰ উপৰত আধাৰিত। তেওঁ ভকত সমাজক বাস্তৱিক আধ্যাত্মিক জ্ঞানৰ বিষয়ে কবলৈ প্ৰজেক্টৰৰ সহায়ত পৱিত্ৰ পুথি সমূহ দেখুৱায়। কবীৰ চাহাব প্ৰকট দিৱসৰ সময়ত ভগৱান কবীৰদেৱৰ মহিমা আৰু প্ৰায় ৬০০ বছৰ আগতে কাশীত তেওঁৰ ১২০ বছৰৰ  দীঘলীয়া প্ৰবাসৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰা হয়।

ধাৰ্মিক পাখণ্ড (প্ৰবঞ্ছনা)ৰ বিৰুদ্ধে সচেতনতা প্ৰচাৰ কৰা

ওপৰত উল্লেখ কৰা হৈছে যে কবীৰ পন্থ বাৰটা আছে। আকৌ অন্য পন্থও আছে। তাৰে কিছুমানক কবীৰ পন্থ কব পাৰি, অন্যবোৰ কবীৰ পন্থ নহয়। বহুতো বেলেগ বেলেগ ধৰ্ম আছে যি পৱিত্ৰ গ্ৰন্থ অনুসৰি পূজাৰ পদ্ধতি অৱলম্বন নকৰে। ফলস্বৰূপে, সেই ধৰ্ম বা পন্থৰ অনুগামী সকলৰ মাজৰ পৰা  কোনেও কবীৰ ভগৱানৰ পৰা লাভ প্ৰাপ্ত কৰিব নোৱাৰিলে। ভগৱান কবীৰদেৱ স্বয়ং সন্ত ৰামপালজী মহাৰাজৰ ৰূপত আহিছে। সন্ত ৰামপালজীয়ে বর্তমানত চলি থকা প্ৰত্যেক ধৰ্মৰ পাখণ্ড (প্ৰবঞ্ছনা) উদঙাই দেখুৱাইছে আৰু পৱিত্ৰ গ্ৰন্থৰ পৰা অধ্যাত্মৰ সত্য পথ দেখুৱাইছে। তেওঁৰ আদেশত, তেওঁৰ ভকত বৃন্দই কবীৰ চাহাব প্ৰকট দিৱসৰ সময়ত সেই সত্য আধ্যাত্মিক জ্ঞানৰ প্ৰচাৰ কৰে।

আমি প্ৰতি বছৰে কবীৰ চাহাব প্ৰকট দিৱস কিয় পালন কৰোঁ

ভগৱান কবীৰদেৱৰ দ্বাৰা প্ৰদান কৰা সত্য পূজা বিধিয়ে সকলো কষ্ট সমাপ্ত কৰে। পৰমেশ্বৰ কবীৰদেৱ স্বয়ং সৰ্বোচ্চ পৰমেশ্বৰ হয়। তেওঁ যি বিচাৰে তাকে কৰিব পাৰে। ইয়াত কাশীত নিজৰ ১২০ বছৰীয়া দীঘলীয়া প্ৰবাসৰ সময়ত তেওঁ অনেক মানুহৰ বেমাৰ ভাল কৰিলে। তেওঁ নিজৰ ৬৪ লাখ ভকতৰ কষ্ট দূৰ কৰাৰ লগতে তেওঁলোকক পূৰ্ণ মোক্ষ প্ৰাপ্তিৰ বাবে সত্য মন্ত্ৰ দিলে। ভগৱান কবীৰদেৱ ইয়াত প্ৰকট হোৱাৰ উপলক্ষে স্ফূৰ্ত্তি কৰাৰ ইয়াতকৈ ভাল কাৰণ আৰু কি হব পাৰে।

কবীৰদেৱে গৰীবদাস দেৱক সত্য জ্ঞান দিছিল

ভগৱান কবীৰদেৱ মাজে সময়ে আহি নিজৰ প্রিয় আত্মাক মিলে আৰু সত্য জ্ঞান দিয়ে। ভগৱান কবীৰদেৱে  সন্ত গৰীবদাসদেৱক লগ পায় । কবীৰ পৰমেশ্বৰদেৱে সন্ত গৰীবদাসক কলে,

মই ৰোৱত হু সৃষ্টি কো, য়ে সৃষ্টি ৰোৱে মোহে।

গৰীবদাস ইস বিয়োগ কো, সমঝ ন সকতা কোয়ে।।

এই বাণীত সন্ত গৰীবদাসজীয়ে কৈ আছে যে কবীৰ পৰমেশ্বৰে কৈছে –  হে গৰীবদাস ! মই দুনিয়াৰ বাবে কান্দি আছোঁ যিহেতু তোমালোক সকলো মোৰ সন্তান, মই তোমালোকৰ পিতা। তোমালোক  কালৰ  এই বেয়া লোকত নিজৰ ভুলৰ কাৰণে আহিছা। কালে তোমালোকৰ দ্বাৰা বেয়া কাম কৰাইছে। ইয়াত তোমালোক পীড়িত হৈ আছা। তোমালোকে মই কোৱাৰ দৰে পূজা কৰা আৰু নিজৰ মূল স্থানত গুচি যোৱা যত কোনো দুঃখ নাই।

আৰু এই দুনিয়া মোক বিচাৰি কান্দে যে, হে ভগৱান ! আপুনি সৰ্বশক্তিমান,সৃষ্টিৰ নিৰ্মাতা, সকলোৰে পালনকর্তা হয়। কৃপা কৰি আমাক সুখ দিয়ক, দয়া কৰি আমাৰ কষ্ট দূৰ কৰক। আমি আপোনাৰ ভক্তি, পূজা কৰোঁ। আপুনি আমাক কিয় দৰ্শন নিদিয়ে ?

কিন্তু যেতিয়া মই তেওঁলোকৰ ওচৰত যাওঁ আৰু কওঁ যে ময়েই ভগৱান , তেতিয়া আকৌ ঈশ্বৰ নিৰাকাৰ বুলি কোৱা এই ভিত্তিহীন বিশ্বাসত দৃঢ় হৈ মোৰ ওপৰত বিশ্বাস নকৰে। এই কালে আমাৰ মাজত অজ্ঞানতাৰ বেৰ থিয় কৰাই দিছে। এই বিচ্ছিন্নতাক কোনেও বুজিব নোৱাৰে।

এই বিচ্ছিন্নতাক বুজি পাবলৈ এটা তৃতীয় গোটৰ প্ৰয়োজন আছিল। এই তৃতীয় গোট হৈছে সদগুৰু যি  নিজৰ আত্মাক ঈশ্বৰৰ লগত সংযোগ কৰে। সন্ত ৰামপালজী মহাৰাজ আজি একমাত্ৰ সদগুৰু হয়। তেওঁ স্বয়ং কবীৰদেৱৰ অৱতাৰ হয়। তেওঁ কবীৰ পৰমাত্মাৰ দৰেই আধ্যাত্মিক জ্ঞান কয় আৰু  পূজাৰ উপদেশ দিয়ে। ইয়াৰ প্ৰমাণ তেওঁ *পৱিত্ৰ কবীৰ সাগৰ* ৰ পৰাও দিয়ে।

কবীৰ পৰমেশ্বৰৰ আৰাধনাই সকলো প্ৰকাৰৰ কষ্ট দূৰ কৰে। সন্ত ৰামপালজীয়ে কবীৰদেৱৰ শাস্ত্ৰ সন্মত উপাসনাৰ পদ্ধতি প্ৰদান কৰে। তাৰফলত তেওঁৰ হাজাৰ হাজাৰ ভক্ত  অন্তিম পৰ্যায়ৰ কেন্সাৰ আৰু এইডছৰ দৰে ঘাতক ৰোগৰ পৰাও ঠিক হৈ গৈছে। ভূত আৰু পিতৃয়ে তেওঁৰ ভকতৰ লোকচান কৰিব নোৱাৰে। তেওঁলোকৰ সকলো প্ৰকাৰৰ কষ্ট সমাপ্ত হৈ যায়। সন্ত ৰামপালজীৰ পৰা দীক্ষা ললে ব্যক্তিৰ অকাল মৃত্যু নহয়। মাত্ৰ পূজাৰ সীমা ( বিধি বিধান ) পালন কৰা অত্যধিক মহত্বপূৰ্ণ কথা।

সন্ত ৰামপালজীয়ে কয় যে যদি আমি তেওঁৰ দ্বাৰা কোৱা সকলো নিয়মৰ পালন কৰি তেওঁৰ দ্বাৰা দিয়া পূজা বিধি কৰে তেতিয়া কেন্সাৰ কি ? কেঞ্চাৰৰ বাপেকো ঠিক হব ! কেন্সাৰ কি হয় ? তেওঁৰ ভকতৰ এই সাক্ষ্য ইয়াৰ জলন্ত প্ৰমাণ। এইকাৰণে এইবাৰ ভগৱানক চিনি পোৱাত অকণো দেৰি নকৰিব। তেওঁৰ জ্ঞানৰ লগত নিজকে পৰিচিত কৰাওক। সন্ত ৰামপালজী মহাৰাজৰ শৰণ লওক আৰু নিজৰ কল্যাণ কৰাওক।

Latest articles

Maharashtra Day (महाराष्ट्र दिवस 2024): एक अलग राज्य के रूप में मराठी गरिमा का प्रतीक

महाराष्ट्र दिवस (Maharashtra Day) भारतीय राज्य महाराष्ट्र में हर साल 1 मई को धूमधाम...

Kotak Mahindra Bank: आरबीआई का एक्शन कोटक बैंक की बढ़ी टेंशन, नए ऑनलाइन ग्राहक जोड़ने और नए क्रेडिट कार्ड पर रोक

हाल ही में बीते बुधवार अर्थात 24 अप्रैल को रिजर्व बैंक ऑफ इंडिया (RBI)...

On World Intellectual Property Rights Day Know What Defines Real Intellect of a Human

Last Updated on 24 April 2024 IST: Every April 26, World Intellectual Property Day...

Iranian President Ebrahim Raisi’s Pakistan Visit: Strengthening Ties

Iranian President Ebrahim Raisi is on a 3 day visit to the South Asian...
spot_img

More like this

Maharashtra Day (महाराष्ट्र दिवस 2024): एक अलग राज्य के रूप में मराठी गरिमा का प्रतीक

महाराष्ट्र दिवस (Maharashtra Day) भारतीय राज्य महाराष्ट्र में हर साल 1 मई को धूमधाम...

Kotak Mahindra Bank: आरबीआई का एक्शन कोटक बैंक की बढ़ी टेंशन, नए ऑनलाइन ग्राहक जोड़ने और नए क्रेडिट कार्ड पर रोक

हाल ही में बीते बुधवार अर्थात 24 अप्रैल को रिजर्व बैंक ऑफ इंडिया (RBI)...

On World Intellectual Property Rights Day Know What Defines Real Intellect of a Human

Last Updated on 24 April 2024 IST: Every April 26, World Intellectual Property Day...