HomeBlogs৭৩তম অৱতৰণ দিৱস ২০২৩ - তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজ

৭৩তম অৱতৰণ দিৱস ২০২৩ – তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজ [Assamese]

Date:

৮ ছেপ্টেম্বৰ ২০২৩ জগদগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ ৭৩তম অৱতৰণ দিৱস। পূৰ্ণ ব্ৰহ্ম/ পৰমেশ্বৰৰ এই অৱতাৰজনাই  ১৭ ফেব্ৰুৱাৰী ১৯৮৮ চনত  তেখেতৰ আধ্যাত্মিক যাত্ৰা আৰম্ভ কৰে আৰু সামাজিক পাষণ্ডবাদৰ  বান্ধ ছিঙি লাখ লাখ মানুহক অধ্যাত্মৰ পথ দেখুৱালে। তেওঁৰ বিষয়ে প্ৰসিদ্ধ ভৱিষ্যবক্তা সকলৰ দ্বাৰা অন্তিম ত্ৰাণকৰ্তা বুলি ভৱিষ্যবাণী কৰা হৈছে যিজনে স্বৰ্ণযুগ আনিব, যাৰ নেতৃত্বত ভাৰত বিশ্বগুৰু হ’ব। এই লেখাই বিশ্বৰ উদ্ধাৰকৰ্তা সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱন্ত বিবৰণ

দাঙি ধৰিব। এইকাৰণে লেখাটি শেষলৈকে অৱশ্যে পঢ়িব।

আৰম্ভণিৰ আগতে আমি অৱতাৰৰ অৰ্থ বুজোঁ আহক। |

Table of Contents

অৱতাৰ মানে কি?

অৱতাৰৰ অৰ্থ হৈছে ধাৰ্মিকতা স্থাপনৰ বাবে অমৰলোকৰ পৰা মৃত্যুলোকত প্ৰকট হোৱা এজন দিব্য পুৰুষ  অৰ্থাৎ এই মৰ্ত্যলোকত শাসন কৰা অপশক্তিৰ দ্বাৰা নিৰ্যাতিত আত্মাবোৰক ৰক্ষা কৰোঁতা। আধ্যাত্মিক পূৰ্ণতাৰে সজ্জিত হৈ কোনো সৰ্বোচ্চ আত্মাৰ অৱতাৰ পৃথিৱীলৈ অহাটো এটা নিয়মিত ঘটনা যি সকলো যুগতে ঘটে। এয়া হৈছে দৈৱিক অৱতৰণ অৰ্থাৎ অনন্তৰ পৰা নশ্বৰ সংসাৰত সৰ্বোচ্চ আত্মাৰ প্ৰকট (আগমন)।

সন্ত ৰামপাল গুৰু মহাৰাজ পৰম অক্ষৰ ব্ৰহ্ম/সত্যপুৰুষ/শব্দ স্বৰূপী ৰাম/অকাল পুৰুষৰ সেই দিব্য অৱতাৰ হয় যিজনে ভক্তিৰ সঁচা পথ প্ৰদান কৰে, যিটো পবিত্ৰ শাস্ত্ৰত প্ৰমাণিত, তেওঁৰ মাৰ্গদর্শনত স্বৰ্ণ যুগৰ সূচনা হ’ব,  যাৰ উল্লেখ প্ৰসিদ্ধ ভৱিষ্যবক্তা সকলৰ ভৱিষ্যবাণীত কৰা হৈছে।

আধ্যাত্মিক গুৰু সন্ত ৰামপাল মহাৰাজৰ বিষয়ে তথ্য

সন্ত ৰামপাল গুৰু মহাৰাজ হৰিয়ানাৰ হিচাৰ জিলাৰ  বৰৱালা স্থিত সৎলোক আশ্ৰমৰ সঞ্চালক, যি পবিত্ৰ শাস্ত্ৰ অনুসৰি কবীৰ ভগৱানৰ সত্য আধ্যাত্মিক জ্ঞান প্ৰদান কৰি আছে। তেওঁৰ জন্ম ১৯৫১ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ হৰিয়ানা ৰাজ্যৰ ছোনীপত জিলাৰ গুহানা তহচিলৰ ধনানা নামেৰে এখন সৰু গাঁৱত এটা কৃষক পৰিয়ালত হৈছে। তেওঁৰ পিতাৰ নাম ভকত নন্দৰাম আৰু মাতৃৰ নাম আছিল ভকতনী ইন্দ্ৰো দেৱী। সন্ত ৰামপাল মহাৰাজৰ চাৰি সন্তান আছে। (বাস্তৱত, সকলো প্ৰাণী, মনুষ্য সন্ত ৰামপাল মহাৰাজ অৰ্থাৎ সৰ্বশক্তিমান কবীৰ চাহাবৰে সন্তান হয়) ভকতক নাম দীক্ষা প্ৰদান কৰাৰ আগতে তেওঁ হৰিয়ানা চৰকাৰৰ জলসিঞ্চন বিভাগত কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত আছিল আৰু ১৮ বছৰলৈকে সেৱা কৰিছিল। তেওঁৰ আধ্যাত্মিক যাত্ৰা ১৯৮৮ চনৰ ১৭ ফেব্ৰুৱাৰীত কবীৰ পন্থী গুৰু স্বামী ৰামদেৱানন্দদেৱৰ শিষ্য হোৱাৰ পাছত আৰম্ভ হয়, যাক *বোধ দিৱস* ৰূপে প্ৰতিবছৰে পালন কৰা হয়।

(সিদিনা তেওঁৰ আধ্যাত্মিক জন্ম হৈছিল)। স্বামী ৰামদেৱানন্দদেৱে ১৯৯৪ চনত তেওঁক নিজৰ উত্তৰাধিকাৰী এইবুলি মনোনীত কৰিছিল, যে “এই সম্পূৰ্ণ জগতত আপোনাৰ দৰে অন্য কোনো সন্ত নহব”। সন্ত ৰামপাল গুৰু মহাৰাজে সত্য আধ্যাত্মিক জ্ঞান পালে, তেতিয়াৰ পৰা তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হ’ল। তেওঁ চাকৰিৰ পৰা ইস্তফা দিলে আৰু হৰিয়ানা চৰকাৰে ত্যাগ পত্ৰ *দিনাংক ১৬/০৫/২০০০, সংখ্যা ৩৪৯২.৩৫০০* যোগে স্বীকাৰ কৰিলে। তেওঁ ১৯৯৪- ১৯৯৮ লৈকে ঘৰে ঘৰে গৈ আধ্যাত্মিক প্ৰবচন দিলে। অতি সোনকালে হাজাৰ হাজাৰ ভকতে শৰণ ললে আৰু ১৯৯৯ চনত হৰিয়ানাৰ ৰোহতক জিলাৰ কৰোঁথাত আশ্ৰম স্থাপন কৰা হ’ল। বৰ্তমান, তেওঁ  গোটেই জগতত ভক্তিৰ সত্য মাৰ্গৰ প্ৰচাৰ – প্ৰসাৰ কৰিবলৈ সম্পূৰ্ণৰূপে সমৰ্পিত যাৰ ফলত আত্মাবোৰক মোক্ষ প্ৰাপ্তি হ’ব।

সূক্ষ্মবেদত অৰ্থাৎ পৰমাত্মা কবীৰ চাহাবৰ অমৃতবাণীত উল্লেখ কৰা আছে :-

*জো মম সন্ত সৎ উপদেশ দৃঢ়াৱৈ (বতাৱৈ), ৱাকে সঙ্গ সভি ৰাড় বঢ়াৱৈ।*

*য়া সৱ সন্ত মহন্তন কী কৰনী, ধৰ্মদাস মৈ তো সে ৱৰ্ণী।।*

বিভিন্ন নকলী ধৰ্মগুৰু, সমকালীন সন্ত আৰু মহন্তৰ পৰা খোজে-পতি কঠিনতাৰ সন্মুখীন হোৱা সত্বেও সম্পূৰ্ণ মানৱ জাতিৰ কল্যাণৰ উদ্দেশ্যেৰে সন্ত ৰামপাল গুৰু মহাৰাজ জনতাৰ ওচৰ চাপিবলৈ আৰু সত্য ভক্তি কৰা প্ৰত্যেক ভকতৰ হৃদয়ত বাহ লবলৈ সফল হৈছে আৰু তেওঁৰ প্ৰত্যেক ভকতে নিতৌ লাভ প্রাপ্ত কৰি আছে। ভকত সকলক সন্ত ৰামপাল গুৰু মহাৰাজৰ সত্য আধ্যাত্মিক জ্ঞান শুনাৰ পৰা বিৰত কৰিবলৈ নকলী লোভী মিডিয়া আৰু ধাৰ্মিক গুৰু সকলে মিছাতে তেওঁৰ  বদনাম কৰিলে আৰু জনতাৰ মাজত এটা প্ৰতিকূল ছবি দাঙি ধৰাৰ চেষ্টা কৰিলে। কিন্তু তেওঁৰ দ্বাৰা প্ৰদান কৰা সত্য ভক্তিয়ে গোটেই জগতত সেই লাখ লাখ ভকতৰ জীৱন সলনি কৰি দিলে যিসকলে কষ্টকৰ জীৱনৰ পৰা ওলাই এতিয়া সুখ আৰু আৰামেৰে জীৱন অতিবাহিত কৰি আছে।  স্বাস্থ্যহীনতা, বিত্তীয় অস্থিৰতা, পৰিয়াল কেন্দ্ৰিক দন্দ-খৰিয়াল আদি সকলো ধৰণৰ কষ্ট সন্ত ৰামপাল মহাৰাজে দূৰ কৰিলে  আৰু  এইদৰে নকলী গুৰু সকলৰ তেওঁৰ প্ৰতি ঘৃণা আৰু অবিশ্বাস বিয়পোৱাৰ সকলো চেষ্টা ব্যৰ্থ হ’ল। কেৱল সেই পূৰ্ণ সন্ত যিজন সৰ্বশক্তিমান পৰমেশ্বৰৰ প্ৰতিনিধি আৰু যাৰ লগত পৱিত্ৰ শাস্ত্ৰত প্ৰমাণিত জ্ঞান থাকে তেওঁৰ ভিতৰতহে এই গুণ থাকে।

পূৰ্ণ সন্ত ৰামপাল গুৰু মহাৰাজক চিনি পাবলৈ সকলোৱে অৱশ্যে পঢ়িব লাগিব *পূৰ্ণ সন্তৰ লক্ষণ*

*অৱতাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ একমাত্ৰ উদ্দেশ্য*

আত্মা এই কচাই কালব্ৰহ্মৰ জালত আৱদ্ধ হৈছে। *আত্মা কালৰ জালত কেনেকৈ বন্দী হ’ল* আৰু কিয় যুগ যুগ ধৰি দিনে ৰাতিয়ে প্ৰতাৰিত হৈছে ।সৰ্বশক্তিমান কবীৰ উদ্ধাৰকর্তা, যি নিজৰ প্রিয় আত্মাক কাল কচাইৰ জালৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যেৰে প্ৰত্যেক যুগতে অৱতীৰ্ণ হয়।

সূক্ষ্মবেদে ইয়াৰ প্ৰমাণ প্ৰদান কৰে।

*সৎযুগ মে সৎ সুকৃত কহ টেৰা, ত্ৰেতা নাম মুনিন্দ্ৰ মেৰা।*

*দ্বাপৰ মে কৰুণাময় কহায়া, কলযুগ নাম কবীৰ ধৰায়া।।*

সৰ্বশক্তিমান পৰমেশ্বৰ পুনঃ অৱতীৰ্ণ হৈছে আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ৰূপত দিব্য লীলা কৰি আছে, যাৰ একমাত্ৰ উদ্দেশ্য হৈছে সম্পূৰ্ণ মানৱ জাতিৰ কল্যাণ সাধন। তেওঁ সত্য আধ্যাত্মিক জ্ঞান প্ৰদান কৰি পীড়িত আত্মাক কাল-জালৰ পৰা মুক্ত কৰিবলৈ অৱতাৰ লৈছে আৰু  *সৃষ্টি ৰচনাৰ ৰহস্যৰ ব্যাখ্যা প্ৰমাণ সহিতে* কৰিছে যাতে আত্মাই নিজৰ সদা সুখকৰ মূল নিবাস সঁচাখণ্ড/ সত্যলোকত উভতি যাব পাৰে, য’ত যোৱাৰ পাচত জন্ম আৰু মৃত্যুৰ চক্ৰ চিৰদিনৰ বাবে সমাপ্ত হৈ পৰে আৰু আত্মা এই নশ্বৰ দুনিয়াত কেতিয়াও ঘূৰি নাহে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আধ্যাত্মিক জ্ঞান অদ্বিতীয় আৰু অভূতপূৰ্ব যাৰ পালন কৰিলে ভকতৰ সকলো লাভ প্রাপ্ত হয় ;  যেনে- আৰ্থিক লাভ, স্বাস্থ্য লাভ অথবা আধ্যাত্মিক জ্ঞানৰ বৃদ্ধি আৰু আনকি আয়ুসো বৃদ্ধি হয়।

কবীৰ পৰমেশ্বৰে অমৃত বাণীত কৈছে

*”মানুষ জনম দুৰ্লভ হৈ , য়ে মিলে ন বাৰম্বাৰ।*

*জৈসে তৰুৱৰ সে পত্তা টুট গিৰে, বহুৰ না লগতা ডাৰ”।।*

মানৱ জন্মৰ একমাত্ৰ উদ্দেশ্য হৈছে সৰ্ব ব্ৰহ্মাণ্ডৰ নিৰ্মাতা পৰম অক্ষৰ ব্ৰহ্মৰ সত্য সাধনা কৰা আৰু মোক্ষ প্রাপ্ত কৰা। এইকাৰণে ঈশ্বৰ প্ৰেমী আত্মা সকললৈ অনুৰোধ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ আধ্যাত্মিক প্ৰবচন মন দি শুনিব আৰু তেওঁৰ *শৰণ গ্ৰহণ  কৰিব* আৰু নিজৰ কল্যাণ কৰাব।

অৱশ্য পঢ়িব *সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনী।*

অৱতাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ বিষয়ে ভৱিষ্যবাণী সমূহ

মহান ভৱিষ্যবক্তা ফ্লোৰেন্স, ইংলেণ্ডৰ কেয়ৰো, জিন ডিক্সন, শ্ৰীমান চাৰ্লছ ক্লাৰ্ক, আৰু আমেৰিকাৰ শ্ৰীএণ্ডৰচন, হলেণ্ডৰ শ্ৰীৱেজিলেটিন, শ্ৰীজেৰাৰ্ড ক্ৰাইছ, হাংগেৰীৰ ভৱিষ্যবক্তা বোৰিস্কা, ফ্ৰান্সৰ ডাঃ জুলৱ’ৰ্ন, ফ্ৰান্সৰ প্ৰসিদ্ধ ভৱিষ্যবক্তা নাস্ট্ৰেডমছ, ইজৰাইলৰ প্ৰফেছৰ হাৰাৰে, নৰৱেৰ শ্ৰীআনন্দচাৰ্য, জয়গুৰুদেৱ পন্থৰ *মথুৰাৰ  শ্ৰী তুলসীদাস দাস চাহাব*  আৰু অন্য বহুতো ভৱিষ্যবক্তাই মহান সন্ত ৰামপাল গুৰু মহাৰাজৰ বিষয়ে ভৱিষ্যবাণী কৰিছে যে সেই অৱতাৰে ‘বিশ্বত এক নতুন সভ্যতা’ আনিব যি সমগ্ৰ বিশ্বতে বিয়পি পৰিব। সন্ত ৰামপাল গুৰু মহাৰাজৰ সমৰ্থনত অন্য ভৱিষ্যবক্তা সকলৰ ভৱিষ্যবাণী : চাৰিওফালে শান্তি আৰু ভ্ৰাতৃত্বৰ পৰিবেশ হ’ব আৰু সেই নতুন সভ্যতা অধ্যাত্মৰ ওপৰত আধাৰিত হ’ব যি ভাৰতৰ এটা গ্ৰামীণ পৰিয়ালত জন্ম লোৱা এজন মহান আধ্যাত্মিক নেতাৰ নেতৃত্বত উৎপন্ন হ’ব। মহান আধ্যাত্মিক নেতাৰ লগত সাধাৰণ মানুহৰ বহুত ডাঙৰ সংখ্যা থাকিব যি ভৌতিকবাদক অধ্যাত্মবাদলৈ সলনি কৰি দিব। মহান আধ্যাত্মিক নেতা (অৱতাৰ সন্ত ৰামপাল গুৰু মহাৰাজ)ৰ মাৰ্গদর্শনত ভাৰতে ধাৰ্মিক, ঔদ্যোগিক, আৰু আৰ্থিক ক্ষেত্ৰত বিশ্বৰ নেতৃত্ব কৰিব আৰু গোটেই জগতত ভকতে তেওঁৰ দ্বাৰা প্ৰদান কৰা ভক্তি বিধিহে স্বীকাৰ কৰিব।

নাস্ট্ৰেডমছে ভৱিষ্যবাণী কৰিছে যে মহান “শায়ৰন” (তত্ত্বদৰ্শী সন্ত) হিন্দু সম্প্ৰদায়ৰ, মধ্যম আয়ু বৰ্গৰ (৫৫-৬০) হ’ব আৰু ২০০৬ চনত পোহৰলৈ আহিব যি সমগ্র বিশ্বতে স্বৰ্ণ যুগৰ সূচনা কৰিব আৰু শাস্ত্ৰসন্মত সত্য ভক্তি বিধি প্ৰদান কৰিব আৰু অজ্ঞানতা দূৰ কৰিব  যাৰ প্ৰসিদ্ধি আকাশৰ সিপাৰেও হ’ব। তেওঁ আত্মাক চয়তানৰ পৰা মুক্ত কৰিব আৰু তেওঁলোকক সৰ্বোচ্চ শান্তি প্রাপ্ত কৰাব।

অৱশ্য পঢ়িব সন্ত ৰামপাল মহাৰাজৰ বিষয়ে নাস্ট্ৰেডমছৰ ভৱিষ্যবাণী

*চাওক সন্ত ৰামপাল মহাৰাজৰ ৭৩তম অৱতৰণ দিৱস কাৰ্যক্ৰমৰ চলন্ত সম্প্ৰচাৰ*

জগদগুৰু  তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অৱতৰণ দিৱসত সৎলোক আশ্ৰম – ধনানা ধাম ছোনীপত  (হৰিয়ানা),

  • সৎলোক আশ্ৰম -কুৰুক্ষেত্ৰ (হৰিয়ানা)
  • সৎলোক আশ্ৰম – ভিৱানী (হৰিয়ানা)
  • সৎলোক আশ্ৰম – ধুৰী (পঞ্জাৱ)
  • সৎলোক আশ্ৰম – বৈতুল (মধ্যপ্ৰদেশ)
  • সৎলোক আশ্ৰম – ধনুছা (নেপাল)
  • সৎলোক আশ্ৰম – খমাণো (পঞ্জাৱ)
  • সৎলোক আশ্ৰম – ছোজত (ৰাজস্থান)

সৎলোক আশ্ৰম – ছামলী (উত্তৰ প্ৰদেশ), মুঠতে ৯খন আশ্ৰমত  ২০২৩ চনৰ  ৬ পৰা ৮ ছেপ্টেম্বৰত অখণ্ড পাঠ প্ৰকাশ, বিশাল ধৰ্ম-ভোজ, যৌতুক মুক্ত বিবাহ, ৰক্তদান শিবিৰ, বিশাল সৎসঙ্গ সমাৰোহ আৰু আধ্যাত্মিক প্ৰদৰ্শনীৰ  আয়োজন কৰি থকা হৈছে। আপোনালোক সকলো ভাতৃ ভগ্নীলৈ কৰপুটে নিবেদন যে আপোনালোক সন্ত ৰামপাল গুৰু মহাৰাজৰ অৱতৰণ দিৱসত নিজৰ পৰিয়াল, সম্বন্ধীয়, আত্মীয়স্বজনৰ লগত আশ্ৰমত অৱশ্যে  আহক আৰু আদি সনাতন ধৰ্ম ও মানৱ ধৰ্মৰ পুনৰুত্থানৰ সাক্ষী হওক।

এই ভব্য কাৰ্যক্ৰমৰ চলন্ত সম্প্ৰচাৰ ২০২৩ৰ ৮ ছেপ্টেম্বৰৰ পুৱা ০৯:১৫ বজাৰ পৰা সাধনা টিভিত আৰু পুৱা ০৯:৩০ বজাৰ পৰা পপুলাৰ টিভিত হ’ব ; লগতে এই বিশেষ কাৰ্যক্ৰমৰ চলন্ত সম্প্ৰচাৰ আপুনি আমাৰ চোচিয়েল মিডিয়া platformতো চাব পাৰিব যি নিম্ন ধৰণৰ :-

  • Facebook page :- Spiritual Leader Saint Rampal Ji Maharaj
  • YouTube :- Sant Rampal Ji Maharaj
  • Twitter :- @SaintRampalJiM

অৱতাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ বিষয়ে পবিত্ৰ শাস্ত্ৰৰ পৰা সাক্ষ্য

সন্ত ৰামপাল গুৰু মহাৰাজ কবীৰ ভগৱানৰ অৱতাৰ যাৰ বিষয়ে পবিত্ৰ গ্ৰন্থ বেদ (ঋকবেদ, যজুৰ্বেদ, সামবেদ,অথৰ্ববেদ)ত পৰমাত্মাৰ অৱধাৰণ কৰা হৈছে, লগতে  শ্ৰীমদভগৱত গীতা-অধ্যায় ৪ শ্লোক ৩২, ৩৪,  অধ্যায় ১৫ শ্লোক ১ – ৪ , আৰু অধ্যায় ১৭ শ্লোক ২৩ত। পবিত্ৰ কোৰান শ্বৰীফ : কোৰান শ্বৰীফ (ইছলাম)ত সৰ্বশক্তিমান অবিনাশী ভগৱান (আল্লাহ কবীৰ) – সুৰত ফুৰকানী ২৫ : ৫২ – ৫৯ত আৰু পবিত্ৰ বাইবেল, পৱিত্ৰ শ্ৰী গুৰু গ্ৰন্থ চাহাব আদিয়ে পৰ্যাপ্ত প্ৰমাণ প্ৰদান কৰে। “ভাই বালে”ৰ জন্ম সাক্ষীত উল্লেখ আছে যে সৰ্বোচ্চ সন্ত জাট সম্প্ৰদায়ত হ’ব আৰু হৰিয়ানাৰ(আগতে হৰিয়ানা ৰাজ্য পঞ্জাবত আছিল) বৰৱালাৰ পৰা আধ্যাত্মিক প্ৰবচন প্ৰদান কৰিব। এই সকলো প্ৰমাণ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওপৰত  সম্পূৰ্ণৰূপে খাটে।

*অৱতাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ বিষয়ে সৰ্বশক্তিমান কবীৰ চাহাবৰ ভৱিষ্যবাণী*

*সন্দৰ্ভ:* পবিত্ৰ কবীৰ সাগৰ, অধ্যায়- বোধ সাগৰ, পৃষ্ঠা- ১৩৪ আৰু ১৭১

পৱিত্ৰ কবীৰ সাগৰ অৰ্থাৎ সূক্ষ্মবেদ (কবীৰ চাহাবৰ অমৃতবাণী)ত উল্লেখ আছে যে ‘যেতিয়া কলিযুগ ৫৫০৫ বছৰ পাৰ হ’ব তেওঁৰ (কবীৰ চাহাবৰ) ত্ৰয়োদশ বংশ সত্য আধ্যাত্মিক জ্ঞান প্ৰদান কৰিবলৈ আহিব আৰু শাস্ত্ৰ বিৰুদ্ধ ভক্তি বিধি ও জ্ঞান আৰু মিছা ধাৰ্মিক প্ৰথাবোৰ নাশ কৰি শান্তি স্থাপন কৰিব। তেওঁ সাধকক সত্য মোক্ষ মন্ত্ৰ প্ৰদান কৰিবলৈ অধিকাৰ প্রাপ্ত হ’ব।(প্ৰমাণ: ভগৱদ গীতা অধ্যায় ১৭ শ্লোক ২৩)। সকলো আত্মাই বেয়া কৰ্ম এৰি দিব আৰু সদাচাৰী হ’ব আৰু ভগৱান কবীৰ চাহাবৰ  অৱতাৰৰ  মহিমা গাব।’ ১৯৯৭ চনত কলিযুগৰ ৫৫০৫ বছৰ সম্পূৰ্ণ হ’ল আৰু সেই বছৰতে সৰ্বশক্তিমান কবীৰদেৱে মহান সন্ত ৰামপাল মহাৰাজৰ লগত সাক্ষাৎকাৰ কৰে আৰু তেওঁক ঈশ্বৰ প্ৰেমী পবিত্ৰ আত্মাবোৰক নাম দীক্ষা দিবলৈ অনুমতি দিলে।

ইয়াৰ প্ৰমাণ কবীৰ পৰমেশ্বৰৰ অমৃতবাণীত আছে।

*”পাঁচ সহস্ৰ অৰু পাঁচসৌ , জব কলযুগ বীত যায়। মহাপুৰুষ ফৰমান তব, জগ তাৰন কো আএ”।।*

সেই মহান পুৰুষ অন্য কোনো নহয়, সন্ত ৰামপাল গুৰু মহাৰাজেই সত্যপুৰুষ/কবীৰ ভগৱানৰ অৱতাৰ হয় যাৰ অৱতাৰ দিৱস প্ৰতি বছৰে ৮ ছেপ্টেম্বৰত পালন কৰা হয়।

সামাজিক উত্থানত সন্ত ৰামপাল গুৰু মহাৰাজৰ যোগদান

সমাজত ব্যাপ্ত যৌতুকৰ দৰে কু-প্ৰথাক সম্পূৰ্ণকৈ নাশ কৰাৰ লগতে সামাজিক উত্থানৰ বাবে আধ্যাত্মিক গুৰু সন্ত ৰামপাল মহাৰাজে বহুত ডাঙৰ যোগদান আগবঢ়াই আহিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যই বিবাহত  যৌতুক নিদিয়েও আৰু  আৰু নলয়েও। ১৭ মিনিটৰ ৰমৈণী (স্তুতি)ৰ  পাঠ কৰা হয় যি নৱবিবাহিত দম্পত্তিক এক অটুট সম্বন্ধত বান্ধি দিয়ে। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা প্ৰদান কৰা সত্য আধ্যাত্মিক জ্ঞানেৰে নিচাযুক্ত বস্তুৰ সেৱন, ঘোচ, ভ্ৰষ্টাচাৰ, কন্যা ভ্ৰূণ হত্যাৰ দৰে বেয়া সামাজিক প্ৰথাবোৰ সমাপ্ত কৰি দিয়া হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ কোনো শিষ্যই এতিয়া নিচা জাতীয় দ্ৰব্যৰ ব্যৱহাৰ নকৰে আৰু অমাৰ্জিত আচৰণো নকৰে আৰু মাত্ৰ শাস্ত্ৰসন্মত সত্য ভক্তি কৰে কাৰণ তেওঁলোকৰ জ্ঞান হৈ গৈছে যে মানৱ জন্মৰ একমাত্ৰ উদ্দেশ্য হৈছে শাস্ত্ৰ অনুকূল সত্য ভক্তি কৰি মোক্ষ প্ৰাপ্ত কৰা। সন্ত ৰামপাল গুৰু মহাৰাজে সমাজত প্ৰচলিত প্ৰতিটো ধাৰ্মিক ভণ্ডামি উদঙাই দিছে আৰু ভক্তিৰ সত্য পথ দেখুৱাইছে যাৰ ফলত লাখ লাখ অনুগামীয়ে সমৃদ্ধ জীৱন যাপন কৰি আছে।

অৱতৰণ (অৱতাৰ) দিৱস কেনেকৈ পালন কৰা হয়?

৮ ছেপ্টেম্বৰ, ২০২৩ সন্ত ৰামপাল গুৰু মহাৰাজৰ ৭৩তম অৱতৰণ দিৱস । এই শুভদিন সমগ্ৰ বিশ্বতে পালন কৰা হয়, ইয়াত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা আধ্যাত্মিক প্ৰবচনৰ মাধ্যমেৰে অমৃতবাণীৰ বর্ষণ কৰা হয়, যাৰ কৃপাত “ভকত আত্মা সকলৰ বৰ্তমান জীৱন আৰু মৃত্যুৰ পাচৰ” জীৱনটোও সৰল হৈ পৰে। তেওঁ সকলো সঁচা ভকতক কালৰ জালৰ পৰা মুক্ত কৰাৰ  নিশ্চয়তা প্ৰদান কৰে যি সকলে তেওঁৰ দ্বাৰা নিৰ্ধাৰিত ভক্তিৰ নিয়মত থাকি ভক্তি কৰে। অৱতৰণ দিৱসত সন্ত গৰীবদাস মহাৰাজৰ পবিত্ৰ সদগ্ৰন্থ চাহাবৰ পাঠ  ৩ – ৫ দিনলৈকে  কৰা হয়। ভব্য ৰাজহুৱা ভোজ-ভাত (বিনামূল্যে আৰু সুস্বাদু)ৰ আয়োজন কৰা হয় য’ত জাতি,ধৰ্ম,পন্থ, বৰ্ণ, নিৰ্বিশেষে সকলোৱে ভোজনৰ আনন্দ লব পাৰে। ৰক্তদান, অঙ্গদান শিবিৰৰ আয়োজন  কৰা হয় ,লগতে যৌতুক মুক্ত বিবাহ অৰ্থাৎ ৰমৈণীৰো আয়োজন কৰা হয়।

সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা কৰি থকা সমাজ সংস্কাৰৰ প্ৰশংসনীয় কাৰ্য

এতিয়া জানো আহক সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা এজন মহান সমাজ সংস্কাৰকৰূপে কৰা অদ্ভুত কাৰ্যৰ বিষয়ে। সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য তলত উল্লেখ কৰা হৈছে।

সমাজৰ পৰা সকলো ধৰণৰ নিচা দূৰ কৰা

জগদগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজে সমাজ সংস্কাৰকৰূপে  অদ্ভুত কাৰ্য কৰি আছে। মাদক দ্ৰৱ্যই সমাজত গভীৰভাৱে খোপনি  লৈছে। যদিও চৰকাৰে মদ, ধপাত, ড্রাগচ, আদি নিচাযুক্ত পদাৰ্থৰ সেৱনৰ দৰে এই বেয়া কৰ্ম আংশিকভাৱে সমাপ্ত কৰাৰ চেষ্টা কৰি আছে , বাস্তৱত লাখ লাখ টকা খৰচ কৰাৰ পাছতো চৰকাৰৰ সকলো যোজনা ব্যৰ্থ হৈ আছে। এয়া এইকাৰণেই হৈছে কাৰণ চৰকাৰৰ আয়ৰ মোটা অংকও মানুহৰ নিচা সেৱনৰ পৰাই আহে। মানুহৰ তত্ত্বজ্ঞান অৰ্থাৎ আধ্যাত্মিক জ্ঞান নাই ; জ্ঞান হ’লে নিচা সেৱনতো দূৰৰ কথা, স্পৰ্শও নকৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্য সত্য আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত আৰু তেওঁলোকে নিচা জাতীয় বস্তুৰ ব্যৱহাৰৰ কু-ফল বুজি পাইছে। নিচা সেৱন মোক্ষ প্ৰাপ্তিত ডাঙৰ বাধা আৰু তত্ত্বদৰ্শী সন্তৰ প্ৰত্যেক ভকতে এই তথ্য বুজি পালে যে মানৱ জন্মৰ একমাত্ৰ উদ্দেশ্য সত্যভক্তি কৰি মোক্ষ প্ৰাপ্তি কৰা। এইকাৰণে তেওঁলোক  জীৱনৰ সৰ্বনাশ কৰা এই ব্যসন (বেয়া কৰ্ম)ৰ দ্বাৰা প্ৰভাৱিত নহয়। আপোনালোকলৈ প্ৰাৰ্থনা যে নিচা সেৱন কৰা এৰি দিব আৰু যদিহে এৰিব পৰা নাই তেন্তে সন্ত ৰামপাল গুৰু মহাৰাজৰ সহায় অৱশ্যে লওক।

সত্যভক্তি প্ৰদান কৰি বিশ্বক মোক্ষ প্ৰদান কৰা

কালৰ দুনিয়াত বাস কৰা সকলো প্ৰাণী ভ্ৰমিত হৈছে আৰু মনৰ মতে পূজা কৰি নিজৰ জীৱন নষ্ট কৰি আছে কাৰণ শাস্ত্ৰ বিৰুদ্ধ পূজা কৰিলে সাধকৰ কোনো লাভ নহয়। *সন্ত ৰামপাল গুৰু মহাৰাজে সমাজ সংস্কাৰকৰূপে* শাস্ত্ৰ অনুকূল উপাসনা কৰোৱাই মানুহৰ জীৱনত পৰিৱৰ্তন/চমৎকাৰ কৰি আছে যাৰ দ্বাৰা অসম্ভৱ লগা যেন কথাও সম্ভৱ হৈ আছে আৰু সাধকৰ অসংখ্য লাভ হৈ আছে। তেওঁৰ প্ৰতি ভকতৰ বিশ্বাস দিনক দিনে বাঢ়ি গৈ আছে।তেওঁৰ লক্ষ হৈছে সত্য আধ্যাত্মিক জ্ঞান সমগ্ৰ বিশ্বতে বিয়পাই দিয়া, কাৰণ তেওঁ কচাই কালব্ৰহ্মৰ জালত বন্দী সকলো ভ্ৰমিত আত্মাক মুক্ত কৰাই তেওঁলোকৰ আচল ঘৰ শাশ্বত স্থান সত্যলোকত লৈ যাব বিচাৰে।

সমাজৰ পৰা জাতিভেদ আঁতৰ কৰা

কালব্ৰহ্মৰ ২১ ব্ৰহ্মাণ্ডত থকা সকলো প্ৰাণী এজন ঈশ্বৰৰ সন্তান। অজ্ঞানতাৰ বাবে আমি বিভিন্ন ধৰ্ম, জাতি, আৰু পন্থত বিভাজিত হলোঁ আৰু নিজৰ সুখদায়ক পৰম পিতা পৰমাত্মাক পাহৰি গলোঁ। মহান সমাজ সংস্কাৰক সন্ত ৰামপাল গুৰু মহাৰাজে সমগ্ৰ বিশ্বৰ মানুহক আধ্যাত্মিক প্ৰবচনৰ মাধ্যমেৰে একত্ৰিত কৰি আছে আৰু মানৱ সমাজক সঠিক আধ্যাত্মিক মাৰ্গ দেখুৱাই আছে তথা নিজৰ জ্ঞানেৰে তেওঁলোকৰ আত্মাক বিশুদ্ধ কৰি আছে যাৰ ফলত তেওঁৰ অনুগামীয়ে এইটো ভালকৈয়ে বুজি পাইছে যে আমি সকলো একেই হওঁ আৰু এজন ভগৱানৰ সন্তান। এইকাৰণে ধৰ্ম বা জাতিৰ আধাৰত কাৰো লগত ভেদভাৱ কৰিব নালাগে।

যুৱক-যুৱতীৰ মাজত নৈতিক আৰু আধ্যাত্মিক জাগৰণ অনা

আজিৰ তাৰিখত প্ৰচলিত শিক্ষা প্ৰণালীয়ে যুৱক যুৱতী সকলক অধ্যাত্মৰ পৰা দূৰলৈ নি আছে। যুৱচামৰ একমাত্ৰ উদ্দেশ্য ভৌতিক লাভ প্রাপ্ত কৰা আৰু কোটিপতি হোৱা। এই সকলোবোৰ তত্ত্বজ্ঞানৰ অভাৱৰ বাবে হৈ আছে। তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজে একমাত্ৰ সমাজ সংস্কাৰকৰূপে নিজৰ আধ্যাত্মিক প্ৰবচনৰ জৰিয়তে যুৱচামৰ মাজত উচ্চ নৈতিক মূল্যৰ বীজ ৰোপণ কৰি আছে , যাৰ ফলত যুৱ প্ৰজন্মই বুজি আছে যে তেওঁলোকৰ মানৱ জন্ম অতি মূল্যবান আৰু তাক কেৱল ভৌতিক ধন সংগ্ৰহ কৰাত ব্যৰ্থ কৰিব নালাগে বৰঞ্চ তেওঁলোকে সত্যভক্তি কৰাৰো লক্ষ বান্ধি লব লাগিব যি পাচত তেওঁলোকৰ লগত যায়। কালৰ লোকত জীয়াই থাকিবলৈ আৱশ্যকীয় বস্তুৰ ব্যৱস্থা কৰাৰ লগে-লগে তেওঁলোকে মানৱ জন্মৰ একমাত্ৰ উদ্দেশ্য সত্যভক্তি কৰি মোক্ষ প্ৰাপ্তি কৰা কথাটো  পাহৰিব নালাগে। সন্ত ৰামপাল গুৰু মহাৰাজৰ যুৱ শিষ্যৰ ভিতৰত উচ্চ নৈতিক আৰু আধ্যাত্মিক মূল্য  আছে। এই নৈতিক পৰিবৰ্তন সত্যজ্ঞানৰ পৰিণাম যি সন্ত ৰামপাল গুৰু মহাৰাজে নিজৰ আধ্যাত্মিক প্ৰবচনৰ মাধ্যমেৰে প্ৰদান কৰি আছে।

সমাজৰ পৰা যৌতুকৰ দৰে বেয়া কামৰ পুলিয়ে পোখাই উভালি পেলোৱা

কন্যা সকল প্ৰত্যেক পৰিয়ালৰ বাবে ভগৱানৰ বৰদান স্বৰূপ। এজনী ছোৱালী মা-দেউতাৰ বাবে সিমানেই অমূল্য যিমান অমূল্য তেওঁলোকৰ পুত্ৰ সন্তান। কিন্তু কালৰ দুনিয়াত যৌতুকৰ ভুল পৰম্পৰা আৰু প্ৰথাৰ বাবে এই কথাটোৰ প্ৰতি মানুহে মন-কাণ-চকু দি থকা নাই আৰু তেওঁলোকে কন্যা সন্তানক বোজা মানি লৈছে কাৰণ তেওঁলোকে তাইৰ বিয়াত অধিক খৰচ কৰিব লগা হয়। সমাজত প্ৰচলিত যৌতুকৰ এই কু-প্ৰথা পৰিয়ালটোৰ বাবে অভিশাপ হৈ পৰিছে বিশেষকৈ সেই দুখীয়া পৰিয়ালৰ বাবে যি নিজৰ ছোৱালীৰ বিয়াত বেছি খৰচ বহন কৰিব নোৱাৰে।

সমাজৰ পৰা এই কু-কৰ্ম আঁতৰাবলৈ মহান সমাজ সংস্কাৰক সন্ত ৰামপাল গুৰু মহাৰাজে অদ্ভুত কাম কৰিছে। তেখেতৰ শিষ্যই বিবাহত  যৌতুক নিদিয়েও, নলয়েও। *ৰমৈণী নামৰ বিবাহ* ত তেত্ৰিশ কোটি ভগৱানৰ আহ্বান কৰি ১৭ মিনিটত অতিকৈ সৰল পদ্ধতিৰে বিবাহ সম্পন্ন হয়। বিবাহত কোনো ধুমধাম আৰু প্ৰদৰ্শন নাথাকে আৰু দৰা-কইনাই এটা সুখী আৰু সমৃদ্ধিশালী জীৱন যাপন কৰিবলৈ, সত্যভক্তি কৰিবলৈ আৰু মুক্তি প্রাপ্ত কৰিবলৈ ভগৱানৰ আশীৰ্বাদ পায়।

  • সমাজত শান্তি আৰু ভ্ৰাতৃত্ব স্থাপনৰ  পদক্ষেপ

কালৰ এই সংসাৰখন দুখেৰে ভৰা। ইয়াত কোনো প্রাণী সুখী নহয়। চাৰিওফালে অৰাজকতা বিদ্যমান। মানুহবোৰ অতি সৰু-সৰু কথাতে দন্দ-খৰিয়াল কৰিবলৈ তৎপৰ হৈ থাকে।মহান সমাজ সংস্কাৰক সন্ত ৰামপাল গুৰু মহাৰাজে নিজৰ সৎসঙ্গৰ জৰিয়তে সমগ্র বিশ্বতে শান্তি আৰু ভ্ৰাতৃত্বৰ বাৰ্তা বিয়পাই আছে আৰু এটা মজবুত সমাজৰ নিৰ্মাণ কৰি আছে।

  • সামাজিক অপকৰ্ম দূৰ কৰি স্বচ্ছ সমাজৰ নিৰ্মাণ

যৌতুক, ঘোচ, ভ্ৰষ্টাচাৰ, নিচাযুক্ত বস্তু সেৱন কৰা, ব্যভিচাৰ আদি বহুতো সামাজিক বেয়া কৰ্ম সমাজত বিয়পি পৰিছে। অজ্ঞানতাৰ বাবে মানুহে এইবোৰ ভুল কাম কৰে। মহান সমাজ সংস্কাৰক সন্ত ৰামপাল গুৰু মহাৰাজে সত্য আধ্যাত্মিক জ্ঞান প্ৰদান কৰি মানুহৰ অন্তৰত উচ্চ সামাজিক আৰু নৈতিক মূল্যবোধ আত্মসাৎ কৰোৱাই আছে যাৰ দ্বাৰা  সামাজিক বেয়া কৰ্মবোৰৰ উন্মুলন কৰি থকা হৈছে আৰু তেওঁৰ শিষ্যই সকলো কু-কৰ্মৰ পৰা আঁতৰি থাকি জীৱন নিৰ্বাহ কৰি আছে। তেওঁৰ উদ্দেশ্য হৈছে সম্পূৰ্ণ দুনিয়াই সকলো সামাজিক কু-কৰ্ম এৰি এটা সহজ আৰু সুখী জীৱন অতিবাহিত কৰক। সম্পূৰ্ণ বিশ্বতে এই মহান পৰিবৰ্তন সত্য আধ্যাত্মিক জ্ঞানৰ প্ৰচাৰৰ দ্বাৰাই সম্ভৱ হৈ আছে যি কাৰ্য মহান তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সান্নিধ্যত সম্পূৰ্ণ হৈ আছে।

  • ভ্ৰষ্টাচাৰ একেতিলেই  সমাপ্ত কৰা

 ভ্ৰষ্টাচাৰ সমাজৰ প্ৰাথমিক স্তৰলৈ বহুত গভীৰভাৱে শিপাই গৈছে। এইটো উঁইৰ দৰে বিয়পি পৰিছে যি লাহে লাহে সমাজক ধ্বংস আৰু ফোঁপোলা কৰি আছে। হত্যা, চুৰি, ঘোচ, ভেজাল কৰা, আনৰ অধিকাৰ খৰ্ব কৰা আদি *ভ্ৰষ্টাচাৰ* বোৰ অজ্ঞানতাৰ কাৰণে কৰি অহা হৈছে। ভ্ৰষ্টাচাৰ বৃদ্ধিত ৰাজনীতি কৰা সকলৰ  আৰু চিনেমা জগতৰ বহুত ডাঙৰ যোগদান আছে। মহান সমাজ  সংস্কাৰক সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্য সকলে চিনেমা নাচায়, সঙ্গীত  নুশুনেও আৰু ,নবজায়, না নৃত্য কৰে আৰু না ৰাজনীতিত ভাগ লয়। তেওঁলোকে উচ্চ সামাজিক আৰু নৈতিক মূল্যৰ আধাৰত এটা  সহজ,সাধাৰণ জীৱন যাপন কৰে আৰু যিকোনো ধৰণৰ ভ্ৰষ্টাচাৰৰ পৰা দূৰত থাকে।

  • সমাজৰ পৰা পাষণ্ডবাদ সমাপ্ত কৰা

মহান সমাজ  সংস্কাৰক সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্য সকল বিনম্ৰ আৰু উদাৰ। তেওঁলোক বিশুদ্ধ অন্তৰৰ। তেওঁলোকে কাকো নঠগে কাৰণ তেওঁলোকে বুজি পালে যে এনে কাম ভগৱানে পছন্দ নকৰে আৰু তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি কৰা। সন্তজনৰ সকলো শিষ্য সকলো ধৰণৰ পাষণ্ডৰ পৰা দূৰত থাকে, লাগিলে ধাৰ্মিক হওক বা সামাজিক। তেওঁলোকে সকলো পবিত্ৰ শাস্ত্ৰত বৰ্ণিত বিধি অনুসৰি পূজা কৰে আৰু পূজাৰ নিৰ্ধাৰিত নিয়ম সমূহ ধাৰ্মিকতাৰে পালন কৰে। এইটো সত্য আধ্যাত্মিক জ্ঞানৰ ফল যি সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা আধ্যাত্মিক প্ৰবচনৰ মাধ্যমেৰে বিয়পাই থকা হৈছে।

সাৰবস্তু

*”অচ্ছে দিন পাছে গএ, সৎগুৰু সে কিয়া ন হেত।*

*অব পছতাৱা ক্যা কৰে, জব চিড়িয়া চুগ গঈ খেত”।।*

সকলো পাঠকলৈ কৰপুটে অনুৰোধ যে সময় থাকোঁতেই জগতৰ উদ্ধাৰকর্তা সন্ত ৰামপাল গুৰু মহাৰাজক চিনি-জানি লওক, অন্যথা পিচত অনুশোচনাৰ বাদে অন্য একো নাথাকিব।

সন্ত ৰামপাল গুৰু মহাৰাজে কৈছে :-

*”জীৱ আমাৰ জাতি, মানৱ আমাৰ ধৰ্ম।*

*হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টান ধৰ্মৰ পৃথক নহয় মৰ্ম।।*

বিশ্ব বিজেতা সন্ত ৰামপাল গুৰু মহাৰাজ ভগৱান কবীৰ চাহাবৰ অৱতাৰ আৰু অজ্ঞানতা দূৰ কৰিবলৈ ও কাল কচাইৰ জালত বন্দী হোৱা নিজৰ প্রিয় আত্মাবোৰক মুক্ত কৰিবলৈ আৰু চাৰিওফালে ব্যাপ্ত অধৰ্মৰ বিনাশ কৰিবলৈ অৱতীৰ্ণ হৈছে। আপোনালোক সকলোৱে তেখেতৰ শৰণ গ্ৰহণ কৰক আৰু নিজৰ মানৱ জন্মক শ্ৰেষ্ঠ কৰি মোক্ষ প্রাপ্ত কৰক, পৰমাত্মা প্রাপ্ত কৰক।

SA NEWS
SA NEWShttps://news.jagatgururampalji.org
SA News Channel is one of the most popular News channels on social media that provides Factual News updates. Tagline: Truth that you want to know

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_imgspot_img

Popular

More like this
Related

International Daughters Day 2023: How Can We Attain Gender Neutral Society?

On September 26, 2021, every year, International Daughters Day is observed. Every year on the last Sunday of September, a special day for daughters is seen. This is a unique day that commemorates the birth of a girl and is observed around the world to eradicate the stigma associated with having a girl child by honoring daughters. Daughters have fewer privileges in this patriarchal society than sons. Daughters are an important element of any family, acting as a glue, a caring force that holds the family together. 

International Day of Sign Languages: Worship of Supreme God Kabir Is the Sign to Be Followed by the Entire Mankind

International Day of Sign Languages is observed annually so as to raise awareness about the hardships a physically challenged individual has to go through. Thus making everyone aware about the need for the education about sign languages to the needy as early as possible into their lives. While Supreme God Kabir is the most capable; giving us anything through His method of worship whether it is aiding a deaf, dumb or blind.

Disturbance in India Canada’s Relations Over Killing of Pro Khalistani Leader Hardeep Singh Nijjar

On Monday Canadian Prime Minister Justin Trudeau alleged a...

International Day of Peace 2023: Know About the Only Way to Have Everlasting Global Peace

The International Day of Peace is celebrated on 21 September in the world. Know about history, background, significance, aim, celebration, events, Activities and quotes on International Peace Day 2021